ETV Bharat / state

মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোৎসৱ; নাম-প্ৰসংগৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ - Madhabdev 536 Birth Anniversary

BIRTH ANNIVERSARY OF MADHABDEV : মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ ৷ সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষগৰাকীয়ে নিজ হাতে প্ৰতিষ্ঠা কৰা যোৰহাটৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আবিৰ্ভাৱ তিথি পালন কৰা হয় ৷

Dhekiakhowa Bornamghar
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 1:42 PM IST

|

Updated : May 24, 2024 at 5:42 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক, ২৪ মে’ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ । এই উপলক্ষে ৰাজ্য়ৰ বিভিন্ন নামঘৰ আদিত পুৱাৰে পৰা আৰম্ভ হৈছে নাম-প্ৰসংগ । ৰাজ্য়ৰ আন ঠাইৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো উলহ-মালহেৰে গুৰুজনাৰ জন্মজয়ন্তী আৰম্ভ হৈছে ।

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ (ETV BHARAT ASSAM)

পুৱা উষা কীৰ্ত্তন, অক্ষয় বন্তিত তেল অৰ্পণ, নাম প্ৰসংগ, দিহা নাম আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাচতে ৰাইজৰ সহযোগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । এই কাৰ্যসূচীত ঢেকীয়াখোৱা অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ উজনি অসমৰ বহুসংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে ।

ইপিনে, সাংস্কৃতিক শোভাযাত্ৰাৰ পাচতে মূল নাম আৰু তাৰ পাচতে এক ধৰ্মালোচনী সভা, কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা তথা মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে ।

আজি গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহ । সকলোৱে গুণানুকীৰ্তন কৰিছে তেওঁৰ সৃষ্টিৰাজিৰ । ধ্বনিত হৈছে হাজাৰী ঘোষা । সুদূৰ নগাপাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই চাৰিখুটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে । প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাই ভটিয়াই আহোতে ঢেকীয়াখোৱাৰ বৃদ্ধ দম্পত্তিৰ ঘৰত এৰাতি কটাইছিল ।

দুখীয়া দম্পত্তিয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল । পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটেঙা ছিঙি আনি তাৰে এটি পতোৱা এৰুৱাই চাৰিখুটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰে পৰাই মহাপুৰুষ জনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ ।

উল্লেখ্য় যে, ১৪৮৯ ত লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰিৰ ঔৰস আৰু মনোৰমা আইৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ ত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে । বাৰকুৰি বৰগীতৰ (বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম ।

লগতে পঢ়ক:হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য, আজি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি - Madhabdev 536 Birth Anniversary

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন

Last Updated : May 24, 2024 at 5:42 PM IST