ETV Bharat / state

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুত মুখপত্ৰ 'গতি' উন্মোচন - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 5:42 PM IST

Bihu celebration in Assam
তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু

পহিলা ব'হাগৰ দিনটোত তিনিচুকীয়াত আয়োজিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, জনপ্ৰিয় কণ্ঠশিল্পী ৰমেন দানহ, অভিনেতা নয়ন নীলিমে অংশগ্ৰহণ কৰে ।

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু

তিনিচুকীয়া, ১৪ এপ্ৰিল: আজি পহিলা ব'হাগ ৷ পহিলা ব'হাগৰ দিনটোত তিনিচুকীয়া চহৰৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত বিগত বৰ্ষসমূহৰ দৰেই দিনযোৰা কাৰ্যসূচীৰে আছুৱে আয়োজন কৰিলে কেন্দ্ৰীয় মুকলি বিহু । তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুৰ আয়োজন কৰা হয় ৷ আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সতয় বৰগোহাঁইয়ে । ইয়াৰ পিচতেই শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক প্ৰতীম নেওগে । আনহাতে, বিহুৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে ৷

উক্ত অনুষ্ঠানৰ পাছতে গায়ন-বায়ন পৰিবেশন কৰাৰ লগতে ভকতবৃন্দ আৰু আইমাতৃসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখপত্ৰ 'গতি' উন্মোচন আৰু মুকলি বিহুৰ উদ্বোধন কৰে । অনুষ্ঠানটোত তিনিচুকীয়া জিলাৰ কুৰিৰো অধিক বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে মুকলি বিহু পৰিবেশন কৰে ৷ তাৰ পাছতে জনপ্ৰিয় সংগীত শিল্পী ৰমেন দানহ আৰু জনপ্ৰিয় অভিনেতা তথা সংগীতশিল্পী নয়ন নীলিমে সংগীতানুষ্ঠান পৰিবেশন কৰে ৷

আজিৰ কেন্দ্ৰীয় মুকলি বিহুত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোনাৰ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় সমৰজ্যোতি গোঁহাই, নিখিল কোঁচ, সভাপতি সত্য বৰগোহাঁই, সাধাৰণ সম্পাদক প্ৰতীম নেওগকে আদি কৰি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক খগেন হাজৰিকা তথা আমন্ত্ৰিত অতিথি তথা বিষয়ববীয়াসকলে উপস্থিত থাকে ।

লগতে পঢ়ক:সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া - Rangali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.