ETV Bharat / state

কিহক লৈ গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ দুটা ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি?

Tai ahom students union: গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ সভা সমাপ্ত হোৱাৰ পিচত দুটা ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি ।‌ মিলন বুঢ়াগোহাঁইক পুনৰ সভাপতিৰ ভাৰ ।‌

Golaghat tai ahom students
জনজাতিকৰণ
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 1:46 PM IST

2 Min Read
Choose ETV Bharat
টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া

গোলাঘাট, 9 মাৰ্চ: গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰ প্ৰাংগনত টাই আহোম ছাত্ৰ সন্থাৰ এখন সভা অনুষ্ঠিত হয় ৷ সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেই মৰ্মে 11 মাৰ্চত সমগ্ৰ অসমৰ লোকসভা সমষ্টিত জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট আৰু 4 এপ্ৰিলত উজনি অসমৰ লোকসভা সমষ্টিত বিশাল গণসভাৰ লগতে এই সন্দৰ্ভত 6 টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ভাস্কৰ জ্যোতি বৰগোহাঁইয়ে ।

টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "পূৰ্বে সভাপতিৰ দায়িত্বৰ পৰা বহিষ্কাৰ কৰা মিলন বুঢ়াগোহাঁইক আজি পুনৰ সভাপতিৰ দায়িত্ব অৰ্পণ আৰু ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈ পূৰ্বৰ দায়িত্বত অধিষ্ঠিত থাকিব । লগতে চৰাইদেউত অনুষ্ঠিত হৈ যোৱা টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত কোনোধৰণৰ প্ৰতিনিধি পঞ্জীয়ন আৰু প্ৰতিনিধি অনুষ্ঠিত নোহোৱাৰ বাবে পূৰ্বৰ দৰে কেন্দ্ৰীয় সমিতি বাহাল থাকিব । অতি সোনকালে অসমৰ সকলো জিলা সমিতিৰ লগত আলোচনা কৰি প্ৰতিনিধি সভা অনুষ্ঠিত কৰি এখন শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব ।"

পুনৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি মিলন বুঢ়াগোহাঁইয়ে কয়, "মোৰ ওপৰত যি অভিযোগ উত্থাপিত হৈছিল সেই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে নিজাকৈ তদন্ত কৰিছে ৷ বৰ্তমান মোৰ সপেক্ষে ৰায়দান দিছে । মোক আজি পুনৰ যি দায়িত্ব ভাৰ দিছে মই গ্ৰহণ কৰিছো আৰু আহিবলগীয়া দিনত জনগোষ্ঠীৰ লোকসকলৰ বাবে কাম কৰি যাম ।"

টাই আহোম ছাত্ৰ সন্থা দুভাগত বিভক্ত হোৱা সন্দৰ্ভত বুঢ়াগোহাঁইয়ে কয়, " টাই আহোম ছাত্ৰ সন্থা আৰু আহোম জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি যিয়ে হীন মানসিকতা ৰাখে সেই লোকসকল ভাগ ভাগ হৈছে । গতিকে টাই আহোম ছাত্ৰ সন্থা দুভাগ/তিনি ভাগ হোৱাৰ কোনো প্ৰশ্নই নাই ।"

উল্লেখ্য যে, সভা সমাপ্ত হোৱাৰ পাছত প্ৰেক্ষাগৃহৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি থকাৰ সময়তে টাই আহোম ছাত্ৰ সন্থাৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধৰ ।

লগতে পঢ়ক: জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুৰ মটৰ চাইকেল সমদল