ETV Bharat / state

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 2:09 PM IST

Wild elephant death
তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু

Wild elephant death : তেজপুৰত মৃত্যু এটা বনৰীয়া পোৱালি হাতী ৷ মৃত হাতীটোৰ বয়স প্ৰায় ৩ বছৰ । হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা বন বিভাগ ।

তেজপুৰ, ২৫ ফেব্ৰুৱাৰী : তেজপুৰৰ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বিহগুৰিত এটা পোৱালি হাতীৰ মৃত্যু হয় ৷ জানিব পৰা মতে, শনিবাৰে নিশা বিহগুৰি কলিতাগাঁৱত প্ৰায় ১০ টা হাতীৰ জাকে প্ৰৱেশ কৰিছিল । সেই দলটোত অসুস্থ অৱস্থাত দেখা গৈছিল এটা পোৱালি হাতীক ।

শনিবাৰে নিশা বন বিভাগৰ লোকসকলে বনৰীয়া হাতীৰ জাকটোক গাঁৱৰ পৰা খেদি পঠিয়াই যদিও শাৰীৰিক অসুস্থতাৰ বাবে পোৱালি হাতীটো উক্ত স্থানতে ৰৈ যায় ৷ তেনে পৰিস্থিতিত স্থানীয় লোকে নিশা পোৱালি হাতীটোৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে যদিও অৱশেষত মৃত্যুক আঁকোৱালি লয় হাতীটোৱে ।

পশ্চিম শোণিতপুৰৰ সহকাৰী বন সংৰক্ষক গৌতম মহন্তই জনোৱা মতে যোৱা নিশা প্ৰায় ৩ বছৰীয়া পোৱালি হাতীটো সেই অঞ্চললৈ আহিছিল ৷ নিশা প্ৰায় ১০ বজাত কেইবাটাও হাতীৰ সৈতে অহা পোৱালিটো গাঁৱত প্ৰৱেশ কৰাৰ পিচতে পথাৰত বাগৰি পৰে ।

বিষয়াগৰাকীৰ মতে, সম্প্ৰতি মৃত হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে । পৰীক্ষাৰ ফলাফলৰ পিচতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ'ব । কিন্তু মৃত পোৱালি হাতীটোৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ দাগ নাই ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ সময়তো যদি মৃত্যুৰ কাৰণ জানিব পৰা নহয়, তেন্তে মৃত্যুৰ কাৰণ জানিবলৈ মৃত হাতীটোৰ তেজৰ নমুনা ফৰেনছিক বিজ্ঞান বিভাগলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ৷

বিষয়াগৰাকীয়ে লগতে কয় যে সচৰাচৰ এই সময়ত বনৰীয়া হাতী জনাঞ্চললৈ অহা দেখা নাযায় ৷ কাৰণ বেছিভাগ খেতিপথাৰতে ধান বা শস্য নাথাকে আৰু পথাৰবোৰ খালী হৈ থাকে । ৰাজ্যৰ ভিন্ন প্ৰান্তত হস্তী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বিহগুৰিত হাতী পোৱালিটোৰ আকস্মিক মৃত্যুক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : হোজাইত বনৰীয়া হাতীৰ মৃত্যু, স্বাভাৱিক মৃত্যুৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.