হোজাইত বনৰীয়া হাতীৰ মৃত্যু, স্বাভাৱিক মৃত্যুৰ সন্দেহ - Lanka Regional Forest Office

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বনৰীয়া হাতীৰ মৃত্যু (undefined)

By ETV Bharat Assamese Team

Published : February 24, 2024 at 8:00 PM IST

1 Min Read
Choose ETV Bharat

হোজাই,২৪ ফেব্ৰুৱাৰী : ৰাজ্যত হস্তী মানুহৰ সংঘাতৰ ঘটনা অব্যাহত আছে । প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হস্তী-মানুহৰ সংঘাতৰ খবৰ অহা দেখা যায় । তাৰ মাজতে হোজাই জিলাৰ লংকাৰ অকান্তু গাঁৱত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ । বাৰ্ধক্যজনিত কাৰণতেই শনিবাৰে বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ।

জানিব পৰা মতে বনাঞ্চলৰ পৰা বনৰীয়া হাতীটো ওলাই আহি লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত অকান্তু গাঁৱত প্ৰৱেশ কৰে আৰু শুকুৰবাৰৰ পৰা গাঁওখনতে বিচৰণ কৰি আছিল । পিচত বনৰীয়া হাতীটো অকান্তু গাঁৱৰেই এখন কুঁহিয়াৰ পথাৰৰ মাজত অসুস্থ হৈ বাগৰি পৰে । এই সন্দৰ্ভত লগে লগে লংকা বন বিভাগে কাজিৰঙাৰ চিডব্লিউআৰচিৰ লগত যোগাযোগ কৰে । অৱশ্যে পিচত হাতীটোৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত লংকা বন বিভাগে পশু চিকিৎসকক মাতি প্ৰাথমিক তদন্ত কৰে । বন বিভাগৰ বিষয়াই জনোৱা মতে হাতীটো ৭০ উৰ্ধৰ আছিল । যাৰ বাবে বাৰ্ধক্যজনিত কাৰণতেই হাতীটোৰ মৃত্যুৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হস্তী গণনা প্ৰক্ৰিয়া

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details