ETV Bharat / state

লাভ নকৰিলে আশানুৰূপ ফলাফল; ছাত্ৰীয়ে ল’লে চৰম পন্থা - Assam HS Result 2024

Assam HS Result 2024: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে একাংশৰ মুখত হাঁহি বিৰিঙোৱাৰ সময়তে আন একাংশৰ জীৱনলৈ মাতি আনিলে বিভিষিকা । ফলাফল ঘোষণাৰ পাছতে ডিব্ৰুগড়ত চিপ লৈ ওলমিলে এগৰাকী ছাত্ৰী ।

Student commits suicide after the results of HS are announced in Dibrugarh
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে চিপ ল'লে এগৰাকী ছাত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024 at 9:41 PM IST

2 Min Read
Choose ETV Bharat
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে চিপ ল'লে এগৰাকী ছাত্ৰীয়ে (ETV Bharat Assam)

ডিব্ৰুগড়,৯ মে': ঘোষণা কৰা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল । ৯ বজাৰ লগে লগে ঘোষণা হ’ল বিজ্ঞান, কলা আৰু বাণিজ্যৰ লগতে বৃত্তিমূখী শাখাৰ ফলাফল । এই ফলাফলে হাঁহি বিৰিঙালে বহুতৰে মুখত । কিন্তু এই ফলাফলেই প্ৰাণ কাঢ়িলে এগৰাকী ছাত্ৰীৰ । ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ চিটি মহাবিদ্যালয়ৰ ছোৱালী আৱাসত ।

ফলাফল ঘোষণাৰ পাছতে ডিব্ৰুগড়ৰ চিটি মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ছাত্ৰী । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগতে আন একাংশ শিক্ষাৰ্থীৰ । ডিব্ৰুগড় জিলাৰ ৰমাই লাচন গাঁৱৰ ছাত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ নন্দলাল বৰগোঁহাঞি চিটি মহাবিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰিছিল ।

মহাবিদ্যালয়খনৰ চৌহদতে থকা ছোৱালী আৱাসত থাকি অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মহাবিদ্য়ালয়খনতে সৃষ্টি হৈছে চেপা উত্তেজনাৰ ।

উল্লেখ্য যে, পূৰ্বতেও ফলাফল ঘোষণাৰ পাছতে সংঘটিত হৈ আহিছে এনে ঘটনা । ফলাফলত হতাশ হৈ বহু ছাত্ৰ-ছাত্ৰীয়ে বাছি লয় চৰম পথ । হয়তু প্ৰতিযোগিতাৰ দৌৰ, নতুবা অভিভাৱক, শিক্ষানুষ্ঠানৰ হেঁচাৰ ফলতে ছাত্ৰ-ছাত্ৰীয়ে বাচি লয় এনে পদক্ষেপ । গতিকে বৰ্তমান সময়ত এনেবোৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা শিক্ষকসকলে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি দাবী কৰে একাংশ সচেতন লোকে ।

লগতে পঢ়ক: NIT শিলচৰৰ গেষ্ট হাউচৰ বাথৰুমত ছাত্ৰৰ আত্মহত্যা - NIT Student Commits Suicide

মেডিকেল প্ৰৱেশ পৰীক্ষালৈ পাঁচ দিন থাকোতেই আত্মহনন ছাত্ৰৰ - Suicide In Kota

সুখ্যাতিৰে পৰীক্ষাত উৰ্ত্তীণ হ‘ল ৰমেন; কিন্তু জীয়াই নাথাকিল ফলাফল শুনিবলৈ - Assam HS Result 2024