ETV Bharat / state

চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 7:06 PM IST

Updated : Feb 16, 2024, 7:18 PM IST

Loksabha election 2024: দলে বিচাৰিলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ বৰপেটা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা তালুকদাৰৰ ৷ ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা অৱগত কৰিলে বিধায়কগৰাকীয়ে ৷

Loksabha election 2024
CPIM MLA Manoranjan Talukdar

মনোৰঞ্জন তালুকদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ নিৰ্বাচন খেলিব চিপিআইএমে । মিত্ৰজোঁটৰ সৈতে সমষ্টি আনুষ্ঠানিকভাৱে ঘোষণা হ’লেই দলে প্ৰাৰ্থী ঘোষণা কৰিব । বাওঁ দলটোৱে প্ৰাৰ্থিত্ব দিলে বৰপেটাত লোকসভা নিৰ্বাচন খেলিবলৈ সাজু বিধায়ক মনোৰঞ্জন তালুকদাৰ । ই টিভি ভাৰতৰ সন্মুখত এইদৰে স্পষ্ট মন্তব্য চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, ইলেকট্ৰৰেল বণ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ বিধানসভাৰ একমাত্ৰ বাঁওদলৰ বিধায়কগৰাকীৰ ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, ‘‘উচ্চতম ন্যায়ালয়ৰ ইলেকট্ৰ্ৰৰেল বণ্ডৰ যিটো গোচৰ, আমিও গোচৰীয়া আছিলোঁ । আমিয়েই গোচৰ তৰিছিলোঁ । কেৱল আমাৰ দলে এটকাও লোৱা নাই ইলেকট্ৰৰেল বণ্ডৰ জৰিয়তে । ইলেক্ট্ৰৰেল বণ্ড অসাংবিধানিক বুলি আমিয়ে দাবী কৰি আছিলো ৷ এয়া আমাৰ জয়, গণতন্ত্ৰৰ জয় । বিজেপিয়ে এই বণ্ডৰ জৰিয়তে হাজাৰ হাজাৰ কোটিৰ বিশাল ধন সংগ্ৰহ কৰিছিল ৷”

লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ বেংক একাউণ্ট আয়কৰ বিভাগে জব্দ কৰা প্ৰসংগতো নিজৰ ক্ষোভ উজাৰে চিপিআইএম বিধায়কজনে । বিধায়ক তালুকদাৰৰ দাবী কৰে যে কংগ্ৰেছৰ বেংক একাউন্ট ফ্ৰীজ কৰাতকৈ বিজেপিৰ বেংক একাউন্টহে জব্দ হোৱা উচিত ৷ বিৰোধীলৈ ভয় কৰিয়েই কংগ্ৰেছৰ একাউণ্ট বিজেপিয়ে ফ্ৰীজ কৰিছে বুলি অভিযোগ কৰিলে বিধায়কজনে ৷

ইয়াৰ উপৰিও লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত দেখা দিয়া বিপৰ্যয়ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মনোৰঞ্জন তালুকদাৰৰ । লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলিও শংকা প্ৰকাশ কৰে বিৰোধী বিধায়কগৰাকীয়ে ।

অসমত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰসংগতো বিধায়ক তালুকদাৰে কৰে গুৰুত্বপূৰ্ণ মন্তব্য । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উদ্ধৃতিৰে তালুকদাৰে কয় যে লোকসভাত 12 খন আসনত কংগ্ৰেছে খেলিব, 2 খন আসনত আন বিৰোধীয়ে প্ৰাৰ্থিত্ব দিব । তাৰে এখন ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ কথা উল্লেখ কৰে । বৰপেটাত চিপিআইএম দলে বিৰোধীৰ হৈ নিৰ্বাচন খেলাৰ পথত থকা বুলি স্পষ্টকৈ কয় বিধায়কগৰাকীয়ে ৷

আনুষ্ঠানিকভাৱে ঘোষণা নহ’লেও বৰপেটাত যে বাঁওদলটোৰ প্ৰাৰ্থী থাকিব সেয়া স্পষ্টকৈ প্ৰকাশ কৰে তেওঁ৷ লগতে নিৰ্বাচন খেলিবলৈ যে তেওঁ সাজু সেয়াও প্ৰকাশ কৰিলে ই টিভি ভাৰতৰ সমুখত ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী যে সদায় বিজেপিতে থাকিব তাৰ গেৰাণ্টি নাই: গৌৰৱ গগৈ

Last Updated : Feb 16, 2024, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.