ETV Bharat / state

বাজেটত মহিলা-ছাত্রীক লৈ বিশেষ ঘোষণা, মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্য - Assam Finance Minister

Assam Assembly Budget : গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩ গৰাকী মহিলা সদস্যলৈ ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি ঘোষণা। ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে লাভ কৰিব ১২,৫০০ টকাৰ ৰাজসাহাৰ্য। বাজেটত তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সকাহ দিয়াৰ ব্যৱস্থা। ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি।

Assam Assembly Budget
বাজেটত মহিলাৰ বাবে সুখবৰ
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 6:55 PM IST

3 Min Read
বাজেটত মহিলা আৰু ছাত্রীক সকলক লৈ বিশেষ ঘোষণা

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : মহিলা আৰু ছাত্ৰীৰ বাবে এইবাৰৰ বাজেটে সুখবৰ আনিছে ৷ আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2014-25 বৰ্ষৰ বাজেটত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক গাইপতি 10 হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ আয় বৃদ্ধিৰ বাবে এই অভিযান আৰম্ভ কৰা হ'ব ৷ বাজেট ভাষণত বিত্তমন্ত্ৰী নেওগে কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান ৷ এই অভিযানৰ লক্ষ্য হৈছে মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা ৷

এই অভিযানৰ উদ্দেশ্য হৈছে অমৃত কালত মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা ৷ ৰাজ্যজুৰি কেতবোৰ চৰ্ত সাপেক্ষে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ উদ্যমিতা পুঁজি হিচাপে প্ৰদান কৰা হ'ব ৷ ৰাজ্য চৰকাৰৰ 10 হাজাৰ টকা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম 25 হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব ৷ সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে 12,500 টকাৰ ৰাজসাহাৰ্য লাভ কৰিব ৷

আনহাতে আজি দাখিল কৰা বাজেটত তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সাহাৰ্য প্ৰদান কৰা কথা সদৰি কৰা হৈছে ৷ উল্লেখ্য যে অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ প্ৰায় 12 লাখ ঋণ গ্ৰহণকাৰীয়ে মুঠ 2,081 কোটি টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিছে ৷ এইবাৰৰ বাজেটত দাখিল কৰা প্ৰস্তাৱ অনুসৰি 2021 বৰ্ষৰ 31 মাৰ্চলৈকে যিসকলৰ একাউণ্ট নন পাৰফ’মিং এছেটলৈ (এন পি এ) পৰিণত হৈছে আৰু 25.001 টকাৰ পৰা 50,000 টকা পর্যন্ত মূলধন আদায় দিবলৈ বাকী আছে তেনে মহিলাক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব ৷ এই আঁচনিৰ বাবে বাজেটত 550 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে ৷ এইবাৰৰ বাজেটত এই আঁচনিৰ অধীনৰ তৃতীয় শ্ৰেণীৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

ইফালে আজিৰ বাজেটত ছাত্ৰীসকলৰ বাবে এখন নতুন আঁচনি ঘোষণা কৰা হৈছে ৷ ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা এই আচঁনিৰ নাম হৈছে 'মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি' ৷ এই আঁচনিখনে ৰাজ্যৰ 10 লাখ ছাত্ৰীক সামৰি ল'ব ৷ এই আঁচনিৰ যোগেদি ছাত্ৰীসকলক নামভৰ্তিৰ বাবে উদগণি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব ৷ ছাত্ৰীসকলে যাতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন কৰিব পাৰে তাৰ বাবে এই আঁচনি হাতত লোৱা হৈছে ৷ যিকোনো চৰকাৰী মহাবিদ্যালয়, শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই আচঁনিৰ সুবিধা লাভ কৰিব পাৰিব ৷ বিবাহপাশত আৱদ্ধ হোৱা সকলে এই সুবিধা লাভ নকৰিব ৷ আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰীয়ে 10 হাজাৰ টকা, স্নাতক শ্ৰেণীৰ বাবে 12,500 আৰু স্নাতকোত্তৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে 15 হাজাৰ টকা লাভ কৰিব ৷ এই আঁচনিৰ বাবে চৰকাৰে 240 কোটি টকা ব্যয় ধাৰ্য কৰিছে ৷

লগতে পঢ়ক : হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.