ETV Bharat / state

ভূতৰ ত্ৰাসত এটা পৰিয়াল; বেজ-তান্ত্ৰিকেও খেদিব পৰা নাই ভূত - Unusual Incidents

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 12:56 PM IST

Ghost in Guwahati : কংক্ৰিটৰ মহানগৰীত ভূত ওলাইছে । ভূতৰ ভয়ত ত্ৰাহি মধুসূদন সুঁৱৰিছে মহানগৰীৰ এটা পৰিয়ালে । বেজ, তান্ত্ৰিক লগাইয়ো খেদিব পৰা নাই ভূত । অৱশেষত আয়তীয়ে আৰম্ভ কৰিছে নাম-প্ৰসংগ । আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত । পিছে ক'ত এই ঘটনা জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে ।

Some unusual incidents inside home terrified a family in Noonmati
ভূতৰ ত্ৰাসত এটা পৰিয়াল, বেজ, তান্ত্ৰিকেও খেদিব পৰা নাই ভূত (ETV Bharat Assam)

ভূতৰ ত্ৰাসত এটা পৰিয়াল, বেজ, তান্ত্ৰিকেও খেদিব পৰা নাই ভূত (ETV Bharat Assam)

গুৱাহাটী, ১১ মে' : গুৱাহাটী মহানগৰীৰ নুনমাটিৰ এটা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । অঞ্চলটোৰ এটা পৰিয়ালৰ ওপৰত বিগত ১৭ দিন ধৰি কোনো অদৃশ্য শক্তিয়ে ধাৰাবাহিকভাৱে চলাই গৈছে উপদ্ৰৱ । যাক লৈ নিৰাপত্তাহীনতাত ভুগিছে পৰিয়ালটোৱে । অদৃশ্য শক্তিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰণীয় সকলোখিনি কৰিও বিফল হৈ পৰিছে পৰিয়ালটো । ফলত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ ।

জানিব পৰা মতে, নুনমাটিৰ পূৱ ভৱানীপুৰৰ বাসিন্দা নাগেশ্বৰী দেৱী নামৰ এগৰাকী মহিলাৰ ঘৰত বিগত ১৭ দিন ধৰি কোনো অদৃশ্য শক্তিয়ে ঘৰৰ ভিতৰে বাহিৰে বাচন-বৰ্তন, শিল আদি দলিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । আনকি অদৃশ্য শক্তিয়ে দিনৰ পোহৰতে ঘৰৰ আলমিৰা আদিৰ আইনা ভাঙি চূৰমাৰ কৰা বুলিও জানিব পৰা গৈছে । অদৃশ্য শক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ বেজ, তান্ত্ৰিকৰ সহায় লোৱাৰ উপৰিও পূজা-অৰ্চনা কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ।

শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ উৎস বিচাৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত অব্যাহত আছে তীব্ৰ চাঞ্চল্য । ইফালে অঞ্চলটোৰ আয়তীসকলে ভূত-প্ৰেত থকাৰ সন্দেহ প্ৰকাশ কৰি ভুক্তভোগী পৰিয়ালটোৰ ঘৰত নাম-প্ৰসংগও অব্যাহত ৰাখিছে ।

প্ৰকৃততে এইয়া কোনো ঐশ্বৰিক শক্তি, অন্ধবিশ্বাস নে উদেশ্য প্ৰাণোদিতভাৱে কোনো লোকে সংঘটিত কৰিছে এই ঘটনা সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । এতিয়া প্ৰশ্ন হয়, বিজ্ঞান-প্ৰযুক্তিয়ে তীব্ৰ গতিত উত্তৰণ কৰাৰ সময়ত ভূত-প্ৰেত বা ঐশ্বৰিক শক্তিক বিশ্বাস কৰা কিমান সমীচিন ?

অন্ধবিশ্বাসৰ ফলত নিৰীহ জনতাই প্ৰাণ হেৰুওৱাৰ পাচতো এনেবোৰ কথা আজিৰ সময়ত কিমান যুক্তিপূৰ্ণ ? নে সঁচাকৈয়ে বৰ্তমানো ভূত-প্ৰেত বা ঐশ্বৰিক শক্তিৰ প্ৰসংগ চৰ্চাৰ বিষয় হৈ আছে ? সকলো পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাচত ।

লগতে পঢ়ক: Unusual Incidents: ঘৰত থাকিব নোৱাৰা হৈছে এটা পৰিয়াল; চকুৰ আগত দেখিছে অদ্ভূত কিছুমান ঘটনা

চিলাপথাৰত ৭ বছৰীয়া কন্যা শিশুৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.