ETV Bharat / state

বৃহৎ পৰিমাণৰ তেলসহ গোলাঘাটত এজন আটক

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 1:30 PM IST

Oil smuggling in Golaghat:গোলাঘাটত চোৰাং তেলৰ বৃহৎ ঘাটি উৎখাত কৰিলে আৰক্ষীয়ে । টেংকাৰৰ পৰা চোৰাংকৈ তেল উলিয়াই থকাৰ সময়তে হাতে-লোটে ধৰা পেলায় গোলাঘাট আৰক্ষীয়ে । অভিযান কালত লিটাৰে লিটাৰে পেট্ৰ’ল আৰু ডিজেল জব্দ কৰাৰ লগতে যাৱতীয় বহু যন্ত্ৰ-পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

Oil Smuggler with smuggled Oil seized in Golaghat
বৃহৎ পৰিমাণৰ তেলসহ গোলাঘাটত এজন আটক

বৃহৎ পৰিমাণৰ তেলসহ গোলাঘাটত এজন আটক

গোলাঘাট, 25 ফেব্ৰুৱাৰী: গোলাঘাট চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত আটক কৰা হৈছে এজন লোক ৷ জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা দলে জিলাখনত চলায় চোৰাং তেলৰ বিৰুদ্ধে অভিযান ৷

অভিযানত লুৰুকীহাট আখৈফুটীয়াত থকা এটা চোৰাং তেলৰ ঘাটি উৎখাত কৰাৰ লগতে এখন তেলৰ টেংকাৰো জব্দ কৰে ৷ লগতে খাদিমুল হুছেইন নামৰ এজন লোককো আটক কৰে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি খাদিমুল হুছেইনে ঘৰতে চোৰাংভাৱে তেলৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, শনিবাৰৰ নিশা 1 মান বজাত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি AS-05 AC-1178 নম্বৰৰ এখন টেংকাৰৰ পৰা অবৈধভাৱে তেল উলিয়াই থকাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয় হুছেইনক । ইয়াৰক পিচত আৰক্ষীয়ে খাদিমুল হুছেইনৰ ঘৰৰ বিভিন্ন স্থানত অভিযান চলাই মজুত কৰি থোৱা অৱস্থাত লিটাৰে লিটাৰে পেট্ৰ’ল আৰু ডিজেল জব্দ কৰাৰ লগতে যাৱতীয় বহু যন্ত্ৰ-পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Oil Smuggler with smuggled Oil seized in Golaghat
বৃহৎ পৰিমাণৰ তেলসহ গোলাঘাটত এজন আটক

গোলাঘাট সদৰ আৰক্ষীয়ে খাদিমুল হুছেইনক আটক কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে । জানিব পৰা মতে, গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘদিনৰ পৰা একাংশ ব্যৱসায়ীয়ে বিভিন্ন অসৎ উপায় অৱলম্বনেৰে অব্যাহত ৰাখিছে চোৰাং তেলৰ ব্যৱসায় ।

গোলাঘাট জিলাৰ তেল গৰম, থুৰামুখ আদিকে ধৰি বিভিন্ন স্থানত পেট্ৰ’ল আৰু ডিজেল পৰিবাহী টেংকাৰৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰি তেল উলিয়াই ক'লা বজাৰত মুকলিভাৱে বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে এক বিশেষ সূত্ৰই ।

আৰক্ষীয়ে চোৰাং তেলৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও নিতৌ ন ন কৌশল অৱলম্বন কৰি অসৎ উপায়েৰে একাংশই কৰি গৈছে ব্যৱসায়ী । এই সন্দৰ্ভত আৰক্ষী কিমান কঠোৰ হয়, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: দুলীয়াজানত চোৰাং কনডেনছেট অইল ভৰ্তি বাহনসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.