ETV Bharat / state

মুখাপিন্ধা উদীয়মান মিত্ৰশক্তি বুলি কাক ক'লে সৰ্বানন্দ সোণোৱালে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 6:34 PM IST

Lok Sabha Election 2024
মুখা পিন্ধা উদীয়মান মিত্ৰশক্তি বুলি কাক ক'লে সৰ্বানন্দ সোণোৱালে

Lok Sabha Election 2024: সৰ্বানন্দ সোণোৱালৰ মুখত আছুৰ প্ৰসংগ । লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে 'কা' আন্দোলন প্ৰসংগত ক্ষোভিত হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ধ্বংসযজ্ঞ চলোৱাক লৈ আন্দোলনৰ নেতৃত্ব দিয়া নেতাসকলক তীব্ৰ কটাক্ষ সোণোৱালৰ ।

মুখা পিন্ধা উদীয়মান মিত্ৰশক্তি বুলি কাক ক'লে সৰ্বানন্দ সোণোৱালে

গুৱাহাটী, ১২ এপ্ৰিল : ১৯ এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ মাজতে 'কা' বিৰোধী শক্তিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আক্ৰমণ ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শুকুৰবাৰেও হোৱা নাই ব্যতিক্ৰম ৷ কংগ্ৰেছৰ পিঠিত উঠা উদীয়মান মিত্ৰশক্তি বুলি নাম উল্লেখ নকৰাকৈ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে CAA প্ৰসংগত আক্ৰমণাত্মক হৈ পৰে সৰ্বানন্দ সোণোৱাল ।

সামাজিক মাধ্যমতো উদীয়মান মিত্ৰশক্তি বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে সোণোৱালৰ মুখত আজি নিৰ্বাচনী সভাত শুনা গ'ল আছুৰ প্ৰসংগ । "সদৌ অসম ছাত্ৰ সন্থাই কংগ্ৰছক চিৰশত্ৰু বুলি ঘোষণা কৰিছিল । তেনে অৱস্থাত আজি জাতীয়তাবাদৰ মুখাপিন্ধা একাংশই আপোনালোকক ভুৱা প্ৰতিশ্ৰুতি দিছে । মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো তেতিয়া একাংশই ভুৱা তথ্যৰে অসমবাসীক কিমান ভুল ব্যাখ্যা দিলে ?... ক'লে-'কা' গৃহীত হৈছে, এইখন আইন আনি গাঁৱে-ভূঞে এক কোটি নব্বৈ লাখ-দুই কোটি বাংলাদেশী আনি ভৰাই দিব ।"

লখিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ শুকুৰবাৰে বগীনদীত এখন জনসভাত প্ৰচাৰ চলায় সৰ্বানন্দ সোণোৱালে । এই সভাতেই 'কা' বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ সোণোৱালে কয়-"কংগ্ৰেছৰ কোলাত উঠি মুখাপিন্ধা উদীয়মান মিত্ৰশক্তিয়ে মোৰ বিৰুদ্ধে 'কা' আন্দোলনৰ সময়ত যি গভীৰ ষড়যন্ত্ৰ কৰিছিল, আজি ৰাইজৰ সন্মুখত সকলো ফাদিল হৈ পৰিছে । মই তেতিয়াই সজোৰে কৈছিলোঁ- মই অসমীয়া ভূমিপুত্ৰ, অসমীয়া বিৰোধী কাম নকৰোঁ ।"

কংগ্ৰেছৰ পিঠিত উঠা মুখাপিন্ধা উদীয়মান মিত্ৰশক্তি বুলি সোণোৱালে কাক উপলক্ষ্য কৰি লৈছে ? নাম উল্লেখ নকৰিলেও যে সৰ্বানন্দ সোণোৱালে আছুৰ প্ৰসংগ উত্থাপনেৰে তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বী লুৰীণজ্যোতি গগৈকে যে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে । "আজি এই কথা জলজল-পটপট হৈ পৰিছে । ১ কোটি ৯০ লাখ বাংলাদেশীৰ ভুৱা হিচাপ দিয়া অপশক্তিয়ে ৰাইজক জবাব দিব লাগিব ।" লগতে এইদৰে তেওঁ 'কা' বিৰোধীসকলক জবাবদিহিও কৰে বগীনদীৰ প্ৰচাৰ সভাখনত ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পিচতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰতে সোণোৱালে প্ৰচাৰ চলাই থকা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷ তেনে সময়তে প্ৰদান বৰুৱাৰ হৈ লখিমপুৰ লোকসভা সমষ্টিত দুখন আৰু যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ দুখন, মুঠ ৪ খন প্ৰচাৰ সভাত ভাগ লয় সৰ্বানন্দ সোণোৱালে । লগতে মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ কেইটামান দিন বাকী থকা অৱস্থাত সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'কা' বিৰোধী শক্তিক ধাৰাবাহিকভাৱে কঠোৰ সমালোচনা কৰি জবাবদিহি কৰিছে ৷

লগতে পঢ়ক :কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দেশক দীর্ঘসময় ধৰি ক্ষতি কৰিলে : সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.