ETV Bharat / state

জাঁজীত বালি মাফিয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে মহিলাক

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:05 PM IST

Illegal sand mining in Assam
ভূঞাহাট আদৰ্শ গাঁৱত অবৈধ বালি খনন

Illegal sand mining in Assam: জাঁজী হাতীমূৰীয়া গাঁৱৰ সমীপৰ ভূঞাহাট আদৰ্শ গাঁৱত অবৈধ বালি খনন আৰু সৰবৰাহক কেন্দ্ৰ কৰি সংঘাত । আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালক সহায়ৰ সলনি মিলা-মিছা কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ ।

ভূঞাহাট আদৰ্শ গাঁৱত অবৈধ বালি খনন

আমগুৰি, ২১ ফেব্ৰুৱাৰী: যোৰহাট জিলা বন বিভাগৰ অবৈধ বালি ব্যৱসায়ীক বৰপীৰা পাৰি দিয়াৰ পৰিণতিত ভূঞাহাট আদৰ্শ গাঁৱত দুগৰাকীকৈ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপিত অভিযোগ অনুসৰি নকছাৰী বন বিভাগৰ অন্তৰ্গত জাঁজী হাতীমূৰীয়া গাঁৱৰ সমীপৰ ভূঞাহাট আদৰ্শ গাঁৱত অবৈধ বালি খনন আৰু সৰবৰাহক কেন্দ্ৰ কৰি সোমবাৰে চূড়ান্ত পৰ্যায় পায়গৈ ।

ভূঞাহাট আদৰ্শ গাঁৱৰ বলিন দাস নামৰ যুৱকজনে বালিৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল । কালি বলিন দাসক অবৈধ বালি সৰবৰাহকাৰীয়ে প্ৰহাৰ কৰিবলৈ খেদি আহে । ফলত বলিন দাসক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা ৰঞ্জুমণি দাস আৰু বিনু দাসক একাংশই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । এই ঘটনাত বিনু দাসৰ মূৰত ছটা চিলাই পৰা লগতে হাত-ভৰিতো আঘাত পায় । আনহাতে, ৰঞ্জুমণি দাসকো শৰীৰৰ বিভিন্ন অংশত কামোৰা লগতে আঘাত কৰা অভিযোগ উঠিছে ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে বলিন দাসৰ লগতে দুয়োগৰাকী মহিলাই স্থানীয় চেলেংহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । এজাহাৰত বলিন দাসে বালি ব্যৱসায়ী অমৰজ্যোতি দাস, দীপক দাস, বিনোদ দাস, হেমচন্দ্ৰ দাস, বিপিন ফুকন, দূৰ্গেশ্বৰ দাস, নৰেন দাসৰ নাম উল্লেখ কৰিছে । ভুক্তভোগী পৰিয়ালকেইটাই স্থানীয় চেলেংহাট আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ।

বালি ব্যৱসায়ীৰ কথাত উঠা-বহা কৰা আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালক আইনী সহায়ৰ পৰিৱৰ্তে মিলা-মিছা কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে । উল্লেখ্য যে জাঁজী নদীত অবাধে চলি থকা বালি খনন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই যোৰহাট জিলা বন বিভাগ । লক্ষ লক্ষ টকা ৰাজহ হেৰুওৱাত উদগনি যোগাই বালি ব্যৱসায়ীক বৰপীৰা পাৰি দিয়া যোৰহাট জিলা বন বিষয়াৰ হেমাহিৰ বাবে জাঁজী হাতীমূৰীয়া, ভূঞাহাট আদৰ্শ গাঁৱত জাঁজী নদীৰ অবাধ খনন চলি আছে বুলি ভুক্তভোগী পৰিয়াল কেইটাই অভিযোগ কৰিছে । আনহাতে, চেলেংহাট আৰক্ষীয়ে অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নল'লে শীঘ্ৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে ভূক্তভোগী সকলে ।

লগতে পঢ়ক:ডুমডুমাত বালিৰ অবৈধ সৰবৰাহ ৰুধিবলৈ বন বিভাগে খান্দিলে গাঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.