ETV Bharat / state

কামাখ্যা ক'ৰিডৰৰ নামত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব বিচৰা যেন লাগিছে : আৰ পি শৰ্মাৰ অভিযোগ - Kamakhya Corridor Project

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 9:19 PM IST

Kamakhya Corridor Project : কামাখ্যা মন্দিৰক নতুন ৰূপ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা কামাখ্যা ক'ৰিডৰ সন্দৰ্ভত শ্বেতপত্র প্ৰকাশৰ দাবী প্ৰাক্তন সাংসদ তথা অধিবক্তা আৰ পি শৰ্মাৰ। কামাখ্যাৰ ঐতিহ্যত হাত দিয়াৰ কোনো অধিকাৰ নাই অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ। নীলাচল পাহাৰত থকা সকলো ঐতিহাসিক সমল পুৰাতত্ত্ব বিভাগৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সুৰক্ষিত। তীৰ্থস্থান কষ্ট কৰি দৰ্শন কৰিব লাগে ৷ এই মন্তব্য আৰ পি শৰ্মাৰ ৷

Kamakhya Corridor Project
প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ অভিযোগ

কামাখ্যা ক'ৰিডৰ সন্দৰ্ভত আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 3 এপ্ৰিল : বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰক নতুন ৰূপ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা 'কামাখ্যা ক'ৰিডৰ' সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ বাবে চৰকাৰৰ ওচৰত দাবী জনালে প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ অধিবক্তা আৰ পি শৰ্মাই ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে ক'ৰিডৰ নিৰ্মাণৰ নামত কামাখ্যা মন্দিৰৰ পুৰণি বহু শিল, মন্দিৰ আদি ভঙা যাব ৷ মা কামাখ্যাৰ ঐতিহাসিক নিজৰাসমূহ নোহোৱা হৈ পৰিব ৷ ঐতিহ্য ধ্বংস কৰি উন্নয়ন কৰাৰ বিৰোধিতা কৰি তেওঁ কয় যে ভি আই পি লাউঞ্জ ‍আদি নিৰ্মাণেৰে কামাখ্যা ক'ৰিডৰৰ নামত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব বিচৰা যেন লাগিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আমি উন্নয়নৰ বিৰুদ্ধে নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে ঐতিহ্য সংৰক্ষণ কৰি উন্নয়ন কৰাত অসুবিধা নাই ৷ কোনো কাৰণতে মা কামাখ্যা মন্দিৰৰ ঐতিহ্যত আঘাত হ'ব নালাগে ৷ ষাঠিৰ দশকত নিৰ্মাণ কৰা আজিৰ পথছোৱা বহু অধ্যয়ন কৰি ঐতিহ্য ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছিল বুলি প্ৰকাশ কৰি তেওঁ কয় যে কামাখ্যা ক'ৰিডৰ নিৰ্মাণ কৰাৰ কোনো অধিকাৰ নাই লোক নিৰ্মাণ বিভাগৰ ৷ এইটো কৰিব লাগিলে কেন্দ্ৰীয় চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ে কৰিব ৷ তেওঁ কয় যে নীলাচল পাহাৰত থকা শিলাখণ্ড, মন্দিৰ আদি সকলো ঐতিহাসিক সমল পুৰাতত্ত্ব বিভাগৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সুৰক্ষিত ৷ কিন্তু নিৰ্মাণ কাৰ্যৰ কোনো ধৰণৰ কথা ৰাজহুৱা নকৰাকৈ লোক নিৰ্মাণ বিভাগে কামাখ্যা ক'ৰিডৰ নিৰ্মাণ কৰিব বিচাৰিছে ৷

কামাখ্যা মন্দিৰত ক'ৰিডৰৰ নামত অসম চৰকাৰে মাৰ্কেট কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে পৰ্যটনৰ বাবে কাজিৰঙাকে ধৰি আন বহু ঠাই আছে ৷ তাত কৰিলেই হ'ল বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে অম্বুবাচী মেলাত লাখ লাখ মানুহ আহি ইয়াতে চাৰি-পাঁচ দিন থাকি যায় ৷ মন্দিৰলৈ গ'লে কষ্ট কৰি যাব লাগে বুলি সদৰী কৰি তেওঁ কয় যে দেশৰ বিভিন্ন মন্দিৰত মানুহে খোজকাঢ়ি বহু দিন কষ্ট কৰি দৰ্শন কৰে ৷ সেই মন্দিৰসমূহত বিশেষ কোনো উন্নয়ন হ'বলৈ দিয়া নাই ৷ যিদৰে আছিল সেইদৰেই ৰখা হৈছে ৷ কেৱল ভাঙি নিৰ্মাণ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তেওঁ কয় ৷

51 টা শক্তিপীঠৰ ভিতৰত অন্যতম মা কামাখ্যা মন্দিৰ, উন্নয়নৰ নামত ঐতিহ্যৰ ধ্বংস কেতিয়াও মানি ল'ব নোৱাৰি বুলি সদৰী কৰি তেওঁ অসম চৰকাৰৰ কামাখ্যা ক'ৰিডৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ বাবে দাবী জনায় ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4 ফেব্ৰুৱাৰীত শিলান্যাস কৰিছিল প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰৰ ৷ যাৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছিল 498 কোটি টকা ৷ কিন্তু এই কামাখ্যা ক'ৰিডৰ প্ৰকল্পটোৰ প্ৰসংগ ন্যায়ালয়ৰ মজিয়া পাইগৈ ৷ উল্লেখ্য যে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া ’মা কামাখ্যা ক'ৰিডৰ’ প্ৰসংগত অসম চৰকাৰৰ পৰা এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে উপযুক্ত আদেশ বা নিৰ্দেশ বিচাৰি গীতিকা ভট্টাচার্য নামৰ এগৰাকী ভক্তসহ দেশৰ বিভিন্ন প্ৰান্তৰ আন 13 গৰাকী লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল ৷ সেই পি আই এলৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰক মতামত দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে নিৰ্দেশনা দিয়ে ৷ অসম চৰকাৰক উত্তৰ দাখিল কৰিবলৈ দুসপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিয়ে ন্যায়ালয়ে ৷ 22 এপ্ৰিলত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ন্যায়ালয়ে ৷

লগতে পঢ়ক : কামাখ্যা কৰিড’ৰ প্ৰসংগত অসম চৰকাৰলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ - HC ON Kamakhya Corridor Project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.