ETV Bharat / state

ব’হাগৰ উলাহ : কলিয়াবৰৰ বামুণীত পৰম্পৰাগত কণী যুঁজ - Rongali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 11:02 PM IST

RONGALI BIHU 2024
কণী যুঁজ প্ৰতিযোগিতাৰ আয়োজন

ব’হাগ বিহুৰ এক অপৰিহাৰ্য অংগ হ’ল কণী যুঁজ ৷ ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই আৰম্ভ হৈ গৰু বিহুলৈকে ঠায়ে ঠায়ে চলি থাকে এই কণী যুঁজ ৷

ছাত্ৰ-ছাত্ৰীৰ মাজত কণী যুঁজ প্ৰতিযোগিতা

কলিয়াবৰ, 12 এপ্ৰিল : পৃথিৱীৰ সকলো মানুহৰে মাজত থকা জনপ্ৰিয় আমোদ-প্ৰমোদৰ ব্যৱস্থাটোৱেই হ’ল নানা ধৰণৰ খেল-ধেমালি ৷ সমগ্ৰ ভাৰতৰ লগতে অসমতো সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি আছে ৷ বিহু আৰু ক্ৰীড়াৰ মাজৰ সম্পর্ক যুগমীয়া ৷ জাতিৰ আয়ুস ৰেখা বিহুৰ লগতে অন্যান্য জাতীয় জীৱনৰ বিভিন্ন আচাৰ-অনুষ্ঠানত নানান খেল অতীজৰে পৰা অনুষ্ঠিত কৰি আহিছে অসমীয়াই ৷ তেনে এবিধ জনপ্ৰিয় খেল হ'ল কণী যুঁজ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উঠি অহা প্ৰজন্মৰ মাজত অসমৰ থলুৱা খেল-ধেমালি জনপ্ৰিয় কৰি তোলাৰ বাবে মধ্য অসমৰ বৃহত্তৰ কলিয়াবৰৰ বামুণী অঞ্চলত প্ৰথমবাৰৰ বাবে স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি কণী যুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে সীতাৰাম ঠাকুৰে, দ্বিতীয় স্থান দখল কৰে চাৰ্লিকা তিমুংপিয়ে আৰু তৃতীয় স্থান দখল কৰে কৃষ্ণ স্বৰ্গীয়াৰীয়ে ৷ স্থানপ্ৰাপ্ত সকলোকে কিতাপৰ টোপোলা, বহী আৰু পেঞ্চিলেৰে পুৰস্কৃত কৰা হয় ৷ প্ৰতিযোগিতাখনত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাখন পৰিচালনা কৰে স্থানীয় ব্যক্তি ৰূপচিং তিচ' আৰু ঘনকান্ত নাথে ৷ সভাখনত বিচাৰক হিচাপে উপস্থিত থাকে মেনচিং ইংতি আৰু লাহিৰাম বড়ো ৷

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি ভাগ্যেশ্বৰ নাৰ্জাৰীয়ে ৷ স্থানীয় যুৱক সত্যজিৎ গগৈৰ বাস ভৱনৰ চোতালত অনুষ্ঠিত প্ৰতিযোগিতাখনত উপস্থিত থাকে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি ৷ সাধাৰণতে কলিয়াবৰ অঞ্চলত এনে ধৰণৰ থলুৱা খেল দেখা নাযায় যদিও কৰ্মসূত্ৰে কলিয়াবৰত বাস কৰা উজনিৰ সত্যজিৎ গগৈৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক একেমুখে শলাগিছে সকলোৱে ৷ কণী যুঁজ সাধাৰণতে পাতি হাঁহৰ কণীৰে যুঁজে ৷ খেলুৱৈসকলে বিভিন্ন ঠাইৰ পৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয় ৷ টান কণীৰ নাম সৈয়া বা হৈয়া ৷ কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে ৷

কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন ৷ ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায় ৷ দৰ-দাম ঠিক হোৱাৰ পিচত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে ৷ যাৰ কণী ভাগে তেওঁৰ এই খেলত পৰাজয় হয় ৷ কোনো কোনোৱে সাত বিহুলৈকে হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয় ৷ এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’ ৷

লগতে পঢ়ক : আজি ৰঙালী বিহুৰ উৰুকা - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.