ETV Bharat / state

অমিত শ্বাহৰ বাবে নতুন ৰূপ দিয়া গুৱাহাটীৰ এটা ৰাজপথৰ কথাৰে... - Amit Shah Road in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 8:27 PM IST

Nepali Mandir to Lakhara Road: নেতা আহিব বুলিয়েই ৰাতিটোৰ ভিতৰত মেৰামতি কৰা হৈছিল মহানগীৰ এটা পথ ৷ মসৃণ হৈ পৰিছিল পথটো ৷ কিন্তু সেই অৱস্থা এতিয়া নাই ৷ নেতাও গ’ল, পথেও লাভ কৰিলে পূৰ্বৰ অৱস্থা ৷

Nepali Mandir to Lakhara Road
লখৰা-নেপ‍ালী মন্দিৰ পথ (Etv Bharat Assam)
অমিত শ্বাহক দেখুৱাবলৈ নতুন ৰূপ দিয়া গুৱাহাটীৰ এটা ৰাজপথৰ কথাৰে.... (Etv Bharat Assam)

গুৱাহাটী, ৯ মে’ : নিশাৰ ভিতৰতে ৰূপ সলনি কৰা গুৱাহাটীৰ এটা পথৰ ৰূপ পুনৰ সলনি হ’বলৈ ধৰিছে । প্ৰথমতে ৰূপ সলনি কৰা হৈছিল যদিও বৰ্তমান পথটোৰ ৰূপ নিজে সলনি হৈছে । আমি ক’বলৈ বিচৰা পথটো হৈছে লখৰা-নেপ‍ালী মন্দিৰ পথ । চাইকেল ফেক্টৰীৰ পৰা ল‍ালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ পথ নিশাটোৰ ভিতৰতে আটক-ধুনীয়াকৈ সজাই তোলা হৈছিল ।

ঠায়ে ঠায়ে বিধ্বস্ত হৈ থকা নাইবা খলা-বমা হৈ থকা পথচোৱা নিশাটোৰ ভিতৰতে মেৰামতি কৰি নতুন ৰূপ দিয়া হৈছিল । ইয়াৰ কাৰণ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ । উল্লেখ্য যে ২৯ এপ্ৰিলত চাইকেল ফেক্টৰীৰ পৰা ল‍ালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ পথত অমিত শ্বাহে ৰোড শ্ব’ কৰিছিল ।

বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত অমিত শ্বাহে উক্ত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ বাবে নিশাটোৰ ভিতৰতে পথচোৱাক আটকধুনীয়াকৈ সজাই তোলা হৈছিল । নিশাটোৰ ভিতৰতে পথচোৱা মেৰামতি কৰি মসৃণ কৰা হৈছিল ।

বিশাল জাকজমকতাৰে সাধাৰণ জনতাক পণবন্দী কৰি পথচোৱাত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’ কৰা হ'ল । দুটা দিনৰ বাবে পথটোত চলাচল কৰা সাধাৰণ জনতা আৰু স্থানীয় ব্যৱস‍ায়ীসকল যথেষ্ট সমস্যাৰ সন্মূখীন হৈছিল । অৱশ্যে অমিত শ্বাহৰ বাবে পথটোৱে নতুন ৰূপ লাভ কৰাত সকলোৱে ভালেই পাইছিল । কিন্তু কোনেও ভবা নাছিল যে দহদিন পূৰ্বে নতুন ৰূপ দিয়া পথটোৱে পুনৰ আগৰ ৰূপ লাভ কৰিব ।

উল্লেখ্য যে অমিত শ্বাহৰ ৰোড শ্ব'ৰ বাবে পথটোৰ বিভিন্ন স্থানত থকা খলা-বমা নাইবা বিধ্বস্ত অংশ মেৰামতি কৰা হৈছিল । নিশাৰ ভিতৰতে পথচোৱাক মসৃণ কৰি তোলা হৈছিল । কিন্তু আজি সেয়া বাকলি উঠাৰ দৰে মূল পথৰ পৰা পৃথক হৈ পৰিছে । আলকতৰা গলিবলৈ আৰম্ভ কৰিছে আৰু পাথৰ ৰাস্তাৰ ওপৰত সিঁচৰতি হৈ পৰিছে । অৰ্থাৎ আজি এঘাৰ দিনতে পথচোৱা পুনৰ আগৰ ৰূপলৈ গতি কৰিছে ।

মেৰামতি কৰা অংশসমূহত এতিয়া খোজ দিব নোৱাৰি । কাৰণ জোতা বা ছেণ্ডেলত তলত আলকতৰা আৰু পাথৰ লাগি যায় । গাড়ীৰ চকাটো লাগি গৈছে আলকতৰা আৰু পাথৰ । আনকি মাটিৰ ওপৰতো আলকতৰা দি পথচোৱাক ঢাকি দিয়া হৈছিল । পথচোৱাৰ মেৰামতি কৰা অংশত তাৰ প্ৰমাণ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ।

এই সন্দৰ্ভত স্থানীয় ব্যৱসায়ীৰে কথা পতাৰ প্ৰয়াস কৰা হৈছিল যদিও কোনেও কেমেৰাৰ আগত কথা ক'বলৈ সাহস নকৰে । সকলোৰে ভয় । চৰকাৰৰ বিৰুদ্ধে কথা ক’লে কিবা জগৰ লাগিব পাৰে বুলি সকলোৰে শংকা ৷ আনকি ২৯ এপ্ৰিলৰ ৰোড শ্ব’ৰ দিনা ভোগ কৰা সমস্যাৰ কথাও কোনো এজন ব্যৱসায়ীয়ে মুকলি ক’বলৈ সাহস নকৰে ।

কোনেও নক’লেও পথচোৱাই বৰ্ণনা কৰিছে কামৰ নমুনা । কিদৰে ক্ষন্তেকৰ বাবেহে পথচোৱা মেৰামতি কৰা হৈছিল । ইয়াৰ বাবে অযথা ব্যয় কৰা হ'ল ৰাজকোষৰ ধন । এইখিনিতে প্ৰশ্ন হয় যে কেৱল দেখুৱাবৰ বাবেই এনেদৰে ৰাজহুৱা পুঁজি ব্যয় কৰা হৈছিল নেকি? দেখাত সাধাৰণ কথা যে লাগিলেও এই গাফিলতিৰ বাবে কোনে কাক জবাবদিহি কৰিব? বৰ্তমান সময়ত এয়া এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক: মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024

নিৰ্বাচনৰ বাবে উদং দিছপুৰ : বহু বিষয়া ৰাজ্যৰ বাহিৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.