ETV Bharat / state

চিৰাঙৰ ১৯ নং চিদলী সমষ্টিৰ ৯৫৭৪ টা পৰিয়ালৰ লোকক ৰেচন কাৰ্ড বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 6:42 PM IST

Updated : Jan 23, 2024, 10:31 AM IST

Distribution of ration card : দেওবাৰে চিৰাঙৰ ১৯ নং চিদলী সমষ্টিৰ ৯৫৭৪ টা পৰিয়ালৰ লোকক ৰেচন কাৰ্ড বিতৰণ কৰে ৷ এই বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷

Ration card Distribution program held in Chirang
ৰেচন কাৰ্ড বিতৰণ

ৰেচন কাৰ্ড বিতৰণ

চিৰাং, ২১ জানুৱাৰী : দেওবাৰে শালঝোৰা শান্তি কমিটী পথাৰত আয়োজন কৰা হয় ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানত চিৰাঙৰ চিদলী সমষ্টীৰ ৪৮৬৫৭ জন লোকক সাঙুৰি ৯৫৭৪ টা পৰিয়ালৰ লোকক বিতৰণ কৰা হয় ৰেচন কাৰ্ড । অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই আনুষ্ঠানিকভাৱে ৰাইজৰ মাজত এইসমূহ ৰেচন কাৰ্ড বিতৰণ কৰে ।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চাউল বিতৰণৰ উদ্দেশ্যে এই ৰেচন কাৰ্ডসমূহ দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । যদি কোনো লোকে ৰেচন কাৰ্ডৰ নামত টকা বিচাৰে তেন্তে স্থানীয় বিধায়ক, জিলা আযুক্তক অভিযোগ দিব পাৰিব ৷ তাৰ পাচতে চৰকাৰ তথা বিভাগীয় বিষয়াসকলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰী গাৰ্লোচাই ।

এই অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ প্ৰায় দুহেজাৰ লোকৰ সমাগম হয় । এই অনুষ্ঠানতে মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পৰা ৰেচন কাৰ্ড গ্ৰহণ কৰি ভিক্ষা কৰি খোৱা এগৰাকী বৃদ্ধাই চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনায় ৷

উল্লেখ্য যে, চলিত মাহৰ পৰা ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰে ৷ অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে ১-১০ তাৰিখৰ ভিতৰত বিনামূলীয়া চাউল লাভ কৰে । নতুন ৰেচন কাৰ্ডপ্ৰাপ্ত সকলো হিতাধিকাৰীয়ে চলিত জানুৱাৰী মাহৰ পৰাই এই সুবিধা লাভ কৰিব ।

ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালসমূহে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক : মঙলদৈত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

Last Updated : Jan 23, 2024, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.