ETV Bharat / state

কাজিৰঙাৰ নদীত ঘঁৰিয়ালৰ অৱস্থিতি, পৰ্যটকৰ কেমেৰাত বন্দী ঢেঁকীয়াপতীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 6:51 PM IST

Updated : Feb 22, 2024, 10:22 PM IST

Kaziranga National Park: পৰ্যটকৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যপ্ৰাণীৰ সংখ্যাও ৷ ৰাষ্ট্ৰীয় উদ্যানতখনত সুলভ হৈছে ঘঁৰিয়ালৰ লগতে ঢেঁকীয়াপতীয়া বাঘ ৷ পৰ্যটকৰ কেমেৰাৰ লেন্সত বন্দী হৈছে দুৰ্লভ দৃশ্য ৷

kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অধিক চহকী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

তেজপুৰ, ২২ ফেব্ৰুৱাৰী: ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই বৰ্ষত পৰ্যটকৰ সমান্তৰালভাৱে বন্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো 'X'ৰ জৰিয়তে উল্লেখ কৰিছে যে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ ফলত অভূতপূৰ্বভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘঁৰিয়াল, সৰু নখযুক্ত উদৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বন্য জীৱ-জন্তু দেখা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে শেহতীয়াকৈ কাজিৰঙাৰ বিভিন্ন ঠাইত ঢেঁকীয়াপতীয়া বাঘৰ অৱস্থিতি ধৰা পৰিছে । পৰ্যটকৰ কেমেৰাৰ লেন্সত ধৰা দিছে ঢেঁকীয়াপতীয়া বাঘে ৷ আদিত্য প্ৰসাদ নামৰ এগৰাকী বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰা তথা গহপুৰৰ যুৱ পৰ্যটকে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন বিশ্বনাথ ৰেঞ্জত দেখা পোৱা ঘঁৰিয়াল কেমেৰাৰ লেন্সত বন্দী কৰিবলৈ সক্ষম হৈছে ।

প্ৰকৃতিপ্ৰমী আদিত্য প্ৰসাদে কয় যে ঢেঁকীয়াপতীয়া বাঘৰ ফটো তুলিবলৈ তেওঁ বহুবাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজনসমূহত খোপনি পুতিছিল ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ আদিত্যৰ আছে প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পৰ্ক ৷ তেওঁ বৰ্তমানলৈকে ৩০ টাৰো অধিক ঢেঁকীয়াপতীয়া বাঘ দেখা পাইছে আৰু এইবাৰ তিনিটা বাঘৰ ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ এই ফটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰকাশ পাইছে বুলি তেওঁ জানিবলৈ দিছে ।

ঘঁৰিয়ালৰ অৱস্থিতি : সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে সুদীৰ্ঘ ৭৫ বছৰৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নদীত ঘঁৰিয়াল প্ৰত্যক্ষ কৰা হৈছে । Gavialis gangeticus বা Indian Gharial বিশ্বৰ অন্যতম বৃহৎ নদীত বাস কৰা কুমিৰৰ প্ৰজাতি, ইয়াৰ দৈঘ্য ৮ মিটাৰ পৰ্যন্ত আৰু ওজন প্ৰায় ১৬০ কিলোগ্ৰাম । তথ্য অনুসৰি যোৱা শতিকাত ইয়াৰ জনসংখ্যা ব্যাপকভাৱে হ্ৰাস পোৱাৰ ফলত ভাৰতীয় ঘৰিয়ালক আই ইউ চি এনৰ ৰঙা তথ্য তালিকাৰ অধীনত সংকটজনকভাৱে বিপন্নৰ স্থান দিয়া হৈছে ৷ বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ প্ৰথম তফছিলৰ অধীনত তালিকাভুক্ত কৰা হৈছে । বহুতো নদীপৰীয়া স্থানত ই বিলুপ্তিৰ পথত থকা বুলি জনা গৈছিল আৰু ইয়াৰ প্ৰজননক্ষম প্ৰাপ্তবয়স্কৰ সংখ্যা নগণ্যসংখ্যকহে বাকী আছিল ।

সমীক্ষাৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ঘঁৰিয়ালৰ সৰ্বাধিক ৰাষ্ট্ৰীয় চম্বল অভয়াৰণ্যত আছে ৷ য’ত বিশ্বৰ প্ৰায় ৭৭ শতাংশ প্ৰাপ্তবয়স্ক ঘঁৰিয়াল আছে ৷ ভাৰতৰ বাকী থকা ঘঁৰিয়ালৰ সংখ্যা উত্তৰ প্ৰদেশৰ কাটাৰ্ণিয়াঘাট বন্যপ্ৰাণী অভয়াৰণ্য, ভাৰত-নেপাল সীমান্তৰ গণ্ডক নদী, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, ছন নদী, মহানদী, হস্তিনাপুৰ অভয়াৰণ্যকে ধৰি বিভিন্ন স্থানত পোৱা যায় । ইয়াৰ উপৰিও কেন নদী, যমুনা নদী, ব্ৰহ্মপুত্ৰ নদী, ঘঘৰা নদী আৰু ভাগীৰথী হুগলী নদীত সম্ভৱতঃ নগণ্য সংখ্যক দেখা পোৱা যায় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী সোণালী ঘোষে জানিবলৈ দিয়া মতে এইবাৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু টি এছ এ ফাউণ্ডেচন ইণ্ডিয়াই ১৬-২৫ জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ মুঠ ১৬০ কিলোমিটাৰ এলেকাত জৰীপ চলাইছিল । মাজুলীৰ পৰা তেজপুৰৰ কলিয়াভোমোৰা দলঙলৈকে ব্ৰহ্মপুত্ৰত চলোৱা উক্ত জৰীপত দলটোৱে নদীৰ গভীৰতা, নলাৰ প্ৰস্থ, পানীৰ প্ৰবাহ, গছ-গছনিৰ আৱৰণ আৰু পৰিসৰ আদিৰ পৰিমাপ ব্যৱহাৰ কৰি জলজ সৰীসৃপৰ বাসস্থানৰ উপযুক্ততাৰ মূল্যায়ন কৰিছিল ।

সুস্মিতা ক’ৰ আৰু মনালিছা বশিষ্টাৰ নেতৃত্বত পাঁচজনীয়া এটা দলে কৰা উক্ত সমীক্ষাত ৫ টা প্ৰজাতিক প্ৰতিনিধিত্ব কৰা ৯০০ৰো অধিক কাছৰ লগতে এটা মাইকী ঘঁৰিয়ালৰ তথ্য লাভ কৰে । উল্লেখ্য যে 25 আৰু 26 ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ থাকিব হাতী ছাফাৰী ৷ ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ পিয়লৰ বাবে উক্ত দিন দুটাত হাতী ছাফাৰী বন্ধ থাকিব বুলি জানিবলৈ দিছে পূব অসম বন্যপ্ৰাণী মণ্ডলৰ মাণ্ডলিক বিষয়া অৰুণ ভিগনেশে ৷

(এই লেখাত ব্যৱহৃত ফটো আৰু ভিডিঅ’সমূহ প্ৰকৃতিপ্ৰেমী আদিত্য প্ৰসাদৰ কেমেৰাত বন্দী হৈছিল )

লগতে পঢ়ক: কাজিৰঙাত বৃদ্ধি পৰ্যটকৰ সংখ্যা: চাৰি মাহতেই ৰাজহ সংগ্ৰহ ৩.৫ কোটি টকা

Last Updated : Feb 22, 2024, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.