ETV Bharat / state

সৰ্বানন্দ সোণোৱালক ৫ লাখ ভোটত জয়ী কৰোৱাৰ সংকল্প ৰামেশ্বৰ তেলীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 9:36 PM IST

Dibrugarh Lok Sabha constituency
সৰ্বানন্দ সোণোৱালক ৫ লাখ ভোটত জয় কৰোৱাৰ সংকল্প ৰামেশ্বৰ তেলীৰ

Dibrugarh Lok Sabha Election: লোকসভাত টিকট হেৰুৱালেও সৰ্বানন্দ সোণোৱালৰ কাষত থাকিব ৰামেশ্বৰ তেলী ৷ ডিব্ৰুগড়ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ চলাই এই কথা স্পষ্ট কৰিলে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । তেওঁ লগতে এইবাৰ লোকসভা নিৰ্বাচনত সোণোৱালে অসমৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰি সাংসদ হ'ব বুলি উল্লেখ কৰে ।

সৰ্বানন্দ সোণোৱালক ৫ লাখ ভোটত জয় কৰোৱাৰ সংকল্প ৰামেশ্বৰ তেলীৰ

ডিব্ৰুগড়, ১১ মাৰ্চ: বিজেপিয়ে ১১ টা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । ডিব্ৰুগড়ৰ পৰা দলীয় টিকট লাভ কৰা পাচত আজি অৰ্থাৎ সোমবাৰে প্ৰথমবাৰলৈ গৃহজিলা ডিব্ৰুগড়ত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ত উপস্থিতিত হোৱা সৰ্বানন্দ সোণোৱালক হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে আদৰণি জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড়ত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাত মুখ্য ভূমিকাত অৱতীৰ্ণ হ'ল ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী । টিকট কৰ্তন হোৱা পাচতে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অৱশ্যে বৰ্তমান দলৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰীৰ বুজনিত মনৰ দুখ পাতলিছে ৰামেশ্বৰ তেলীৰ । তাৰ পাচতেই আজি ডিব্ৰুগড়ত বিজেপি দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল উপস্থিত হোৱাত তেওঁ লগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৰামেশ্বৰ তেলীয়ে ৷

সৰ্বানন্দ সোণোৱালৰ কাষত থাকি দলীয় কৰ্মীসকলক উৎসাহিতও কৰিলে ৰামেশ্বৰ তেলীয়ে । মানকটাত সৰ্বানন্দ সোণোৱালৰ জনসভাৰ পাচতে ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে ৫ লাখ ভোটত জয় লাভ কৰি অসমৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰা সাংসদ হ'ব বুলি উল্লেখ কৰে ৷ ইয়াৰ দ্বাৰা ডিব্ৰুগড়ৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে লোকসভাত টিকট হেৰুৱালেও যে আগন্তুক লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ কাষত থাকিব সেই কথা একপ্ৰকাৰে বুজাই দিলে ।

লগতে পঢ়ক: প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সোণোৱাল: ভাগ ল'লে বিশাল জনসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.