ETV Bharat / state

ৰাইজৰ দল-অসম জাতীয় পৰিষদ একত্ৰিত হৈ গঠন হ'ব নতুন শক্তি: অখিল গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 8:11 PM IST

Raijor Dal and Asom Jatiya ParishRaijor Dal and Asom Jatiya Parishad will come together to form regional political party says Akhil Gogoiad will come together to form regional political parties says Akhil Gogoi
অসমত গঠন হ'ব আন এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তি

অসমত গঠন হ'ব আন এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তি । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হৈ গঠন কৰিব এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল । পঞ্চম ৰাউণ্ডৰ আলোচনা সমাপ্ত কৰি শীৰ্ষ পৰ্যায়ৰ আলোচনা অব্যাহত থকাৰ মাজতে কেইটামাহৰ পাচতে দুয়োটা দল লগ হৈ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ।

অসমত গঠন হ'ব আন এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তি

শিৱসাগৰ,১৮ এপ্ৰিল: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । ইতিমধ্যে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ সামৰি সাজু হৈছে প্ৰতিগৰাকী প্ৰাৰ্থী । ইয়াৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰে এক বিশেষ তথ্য । একত্ৰিত হ'ব সৌ সিদিনা গঠিত অসমৰ দুই ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ।

শিৱসাগৰত বিধায়কগৰাকীয়ে সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে এই তথ্য । ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদমেলযোগে কয় যে, দুয়োটা দলে লগ হৈ এটা নতুন আঞ্চলিক ৰাজনৈতিক দল তৈয়াৰ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে । এই সন্দৰ্ভত ইতিমধ্যে পঞ্চম ৰাউণ্ডৰ আলোচনা সম্পন্ন হৈছে আৰু বৰ্তমান শীৰ্ষ পৰ্যায়ৰ আলোচনা অব্যাহত আছে । লোকসভা নিৰ্বাচনৰ কেইটামান মাহৰ পিচতে দুয়োটা দল ঐক্যবদ্ধ হৈ এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰাৰ আশা প্ৰকাশ কৰে অখিল গগৈয়ে ।

লগতে তেওঁ কয় যে, এই নতুন আঞ্চলিকতাবাদী শক্তিয়ে অসমৰ ৰাইজতক ঐক্যবদ্ধ কৰাৰ প্ৰয়াস কৰিব । এই শক্তিয়ে ২০২৬ চনত বিজেপি বিৰোধী এক শক্তি সাজু কৰি, বিজেপিৰ বিকল্প চৰকাৰ গঠন কৰাৰ বাবে কাম কৰিব । পিছে বিধায়ক অখিল গগৈয়ে এইদৰে ঘোষণা কৰিলেও বৰ্তমানেও অসম জাতীয় পৰিষদৰ তৰফৰ পৰা কোনোধৰণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই ।

আনহাতে অখিল গগৈয়ে অগপক চোকা সমালোচনাৰে থকাসৰকা কৰি কয় যে, অসম গণ পৰিষদৰ কাৰ্যতঃ মৃত্যু ঘটিছে । অগপ এতিয়া আৰু আঞ্চলিকতাবাদী শক্তি নহয় । অগপ বৰ্তমান বিজেপিৰ বহতীয়া সংগঠনৰ দৰে হ'ল বুলি কৈ তেওঁ অসম গণ পৰিষদ বিজেপিৰ বি টীমৰ বাদে আন একো নহয় বুলি তেওঁ উল্লেখ কৰে । গতিকে এনে সময়ত অসমত এটা নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হৈছে বুলি তেওঁ দাবী কৰে ।

লগতে তেওঁ কয় যে, এটা আঞ্চলিকতাবাদী শক্তিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অনুভৱ কৰি বিগত কেইবাদিনো ধৰি ৰাইজৰ দলত বহুসংখ্যক লোকে যোগদান কৰিছে । অগপৰ বহু কৰ্মকৰ্তাই ৰাইজৰ দলত যোগদান কৰিছে । কেবল অগপই নহয়, বিজেপি, কংগ্ৰেছ আদি বহুকেইটা দলৰ শতাধিক পুৰুষ-মহিলাই ৰাইজৰ দলত যোগদান কৰিছে । সকলোকে ৰাইজৰ দলৰ বাবে, দলটোৰ সাংগঠনিক কামকাজত মনোনিৱেশ কৰি আঞ্চলিকতাবাদী ভেটি মজবুত কৰিবৰ বাবে আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰা ফোনকল ৰেকৰ্ড বিচাৰি অখিল গগৈৰ প্ৰত্যাহ্বান - Akhil Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.