নগাঁৱত পঞ্জাৱৰ পৰিয়ালক আক্ৰমণ কৰি যুৱতীক অপহৰণ : অপহৰণকাৰী হাৰিয়ানাৰ ! - Punjab Girl Kidnapped in Nagaon
Kidnap in Nagaon: নগাঁৱত চাঞ্চল্যকৰ ঘটনা । পঞ্জাৱৰ এটা পৰিয়ালক আক্ৰমণ কৰি যুৱতীক অপহৰণ । হাৰিয়ানাৰ পৰা অহা এটা দলৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ । অপহৃত যুৱতীক দেহ ব্যৱসায়ত জড়িত কৰোৱাৰ সন্দেহ পৰিয়ালৰ ।

Published : May 22, 2024 at 4:10 PM IST
নগাঁও, 22 মে’: বুধবাৰে পুৱতি নিশা নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণকাণ্ড । পঞ্জাৱৰ এটা পৰিয়ালক আক্ৰমণ কৰি চিনেমা কায়দাৰে যুৱতীক অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি পঞ্জাৱৰ ফৰিদপুৰ জিলাৰ জেতোমণ্ডিৰ বিজেন্দ্ৰ সিং নামৰ লোকজনে ঔষধ বিক্ৰী কৰিবলৈ আজিৰ পৰা প্ৰায় পোন্ধৰ দিন পূৰ্বে উপস্থিত হৈছিল নগাঁৱত ৷ নগাঁৱৰ মৰিকলঙৰ পথৰ দাঁতিত আশ্ৰয় লৈ ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে বিভিন্ন আয়ুৰ্বেদিক ঔষধ বিক্ৰী কৰি ধন উপাৰ্জন কৰি আছিল পৰিয়ালটোৱে ।
মৰিকলঙৰ পথৰ দাঁতিত আশ্ৰয় লৈ থকা পৰিয়ালটোৰ ওপৰত বুধবাৰে পুৱতি নিশা এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি পৰিয়ালটোৰ প্ৰায় 19 বছৰীয়া জ্যেষ্ঠ কন্যাক অপহৰণৰ উদ্দেশ্যে মুখত সোপা দি গাড়ীত উঠোৱাৰ সময়তে কণমানি সন্তানে চিঞৰ-বাখৰ আৰম্ভ কৰে । লগে-লগে পিতৃ-মাতৃয়ে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰাত পিতৃকো আক্ৰমণ কৰি যুৱতীগৰাকীক লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো ।
লগতে পঢ়ক: অপহৰণ নে আন কিবা ! তিনি নাবালক নিখোজ হোৱাক লৈ ৰহস্য ঘনীভূত
এই কথা সংবাদ মাধ্যমক অৱগত কৰোৱায় যুৱতীগৰাকীৰ পিতৃয়ে । অপহৰণ কৰি নিয়া পাঁচ-ছয়জনীয়া দুৰ্বৃত্তৰ দলটো হাৰিয়ানাৰ বুলি চিনাক্ত হোৱাৰ কথাও উল্লেখ কৰে যুৱতীগৰাকীৰ পিতৃয়ে । উল্লেখযোগ্য যে, হাৰিয়ানাৰ এটা চক্ৰই পূৰ্বৰ পৰাই যুৱতীগৰাকীক নি অসৎ কাৰ্যত লিপ্ত কৰোৱাবলৈ চেষ্টা কৰি অহা বুলিও উল্লেখ কৰে যুৱতীগৰাকীৰ পিতৃয়ে ।
পূৰ্বেও গুৱাহাটীৰ জালুকবাৰীৰ পৰা এবাৰ যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰি এই চক্ৰটোৰ সদস্য আৰক্ষীৰ জালত পৰিছিল বুলিও জনাইছে পিতৃগৰাকীয়ে । বুধবাৰে পুৱতি নিশা পঞ্জাৱৰ পৰিয়ালটোক আক্ৰমণ কৰি যুৱতীক অপহৰণ কৰি নিয়া ঘটনা সন্দৰ্ভত নগাঁৱৰ মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে ।
ঘটনা সন্দৰ্ভৰ আৰক্ষীয়েও অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । অৱশ্যে এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত যুৱতীগৰাকীক উদ্ধাৰ অথবা চক্ৰটোৰ কোনো এজন সদস্যক আটক কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: মৰিয়নীত শিশু অপহৰণৰ চেষ্টা ব্যৰ্থ : সোপাধৰাৰ আতংকত ভীতিগ্ৰস্ত অঞ্চলবাসী

