ETV Bharat / state

জৰাজীৰ্ণ বাঁহৰ দলঙেই যাতায়তৰ শেষ ভৰষা - Bamboo Bridge in Gaurisagar

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:53 PM IST

Poor Transportation In Gaurisagar: দিকচু-মাহমৰাত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত । বিধায়ক প্ৰদীপ হাজৰিকাই ১৫ বছৰ পূৰ্বে কাঠৰ খুঁটাৰে বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল । পিচে আজিলৈকেহে হোৱা নাই পকী দলং ।

Poor Communication
গ্ৰামাঞ্চলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি (ETV BHARAT ASSAM)

আমগুৰি, ২৬ মে': ৰাজ্যত এফালে উন্নয়নৰ জয়গান আৰু আনফালে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণৰ এখন দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি । ৰাজ্য চৰকাৰে বিকশিত অসমৰ শ্ল'গান আওৰাই গ্ৰামাঞ্চলৰ বাট-পথ নিৰ্মাণ কৰা, বাঁহ-কাঠৰ দলঙৰ সলনি পকী দলং নিৰ্মাণ কৰাৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিকচু গাঁও পঞ্চায়তত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে এটা বৃহৎ অঞ্চলৰ লোকে বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰখা কাৰ্যই বিকশিত অসমৰ এখন বিপৰীত ছবি দাঙি ধৰিছে ।

গ্ৰামাঞ্চলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি (ETV BHARAT ASSAM)

উল্লেখ্য যে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিকচু গাঁও পঞ্চায়তত দিকচু-মাহমৰাৰ ৪ আৰু ৫ নং ৱাৰ্ডত অৱস্থিত নামতি নদীৰ ওপৰত বাঁহৰ দলঙেৰে স্থানীয় লোকে দীৰ্ঘদিন ধৰি বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিছে । আজিও দিকচু-মাহমৰাৰ অঞ্চলবাসীয়ে যাতায়তৰ কাৰণে দুৰ্ভোগ ভোগ কৰি আছে । দীৰ্ঘবছৰ ধৰি অঞ্চলবাসীয়ে বাঁহৰ দলং সাজি যাতায়াত অব্যাহৰ ৰাখিছে । বাৰিষা দলং উটুৱাই নিলে পণবন্দী হৈ ৰয় ৰাইজ। অঞ্চলটোৰ কোনো লোকৰ অসুখ হ'লে কোলাত উঠাই, সাঙী কৰি অথবা ঠেলাত নিৰ্দিষ্ট ঠাইলৈ আনিব লগা হয় । স্থানীয় লোকে বিশেষকৈ মহিলাৰ সহযোগত বাঁহেৰে নদীৰ ওপৰত দলং সাজি ল'বলগীয়া হৈছে ।

স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই ১৫ বছৰ পূৰ্বে নিশাটোৰ ভিতৰতে কাঠৰ খুঁটাৰে বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পকী দলঙৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । উক্ত জৰাজীৰ্ণ দলঙৰ পৰা নদীত পৰি বহুকেইজন লোকৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে ৰাইজে । বাৰিষা দলঙখন নদীৰ খৰস্ৰোত পানীয়ে উটুৱাই নিলে যাতায়াত ব্যাহত হয় । ৰোগীয়া লোকক ঠেলাৰে পাৰ কৰিব লগা হয় । যি সময়ত চৰকাৰে উন্নয়নৰ অভিলাসী আঁচনিৰে জয়ঢোল বজাই আছে তেনে সময়তে দিকচু-মাহমৰাৰ এই দলংখনে বিকশিত অসমৰ বিপৰীত ছবি দাঙি ধৰিছে ।

ইতিমধ্যে জৰাজীৰ্ণ দলঙখন স্থানীয় লোকে পকেটৰ ধন খৰচ কৰি পঞ্চাশটা বাঁহ ক্ৰয় কৰি সাজি উলিয়াইছে । স্থানীয় পুৰুষৰ লগতে মহিলায়ো কান্ধত বাঁহ আনি সকলোৰে সহযোগত যাতায়াতৰ কাৰণে সুবিধা কৰি লৈছে । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভুক্তভোগী লোকসকলে বহুবাৰ পকী দলঙৰ বাবে আৱেদন জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

আনহাতে, কংগ্ৰেছ চৰকাৰৰ শাসনকালতো প্ৰতাৰণা কৰা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ফলত সুদীৰ্ঘ বছৰ ধৰি অঞ্চলবাসীয়ে অতি বিপদ সংকুলভাৱেই যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে । উল্লেখ্য যে আমগুৰি সমষ্টি কৰ্তন হোৱাৰ পিছতেই সম্প্ৰতি উক্ত অঞ্চলটো শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হয় । ফলত শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক অখিল গগৈক উক্ত দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইৰ ৰাইজে

Poor Transportation In Misamari:মিছামাৰীত টুলুঙা নাৱেৰে বিপদ সংকুল যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.