ETV Bharat / state

অব্যাহত আছে খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া, বকলীয়াঘাটত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:39 PM IST

Kheroni Violence
বকলীয়াঘাটত প্ৰতিবাদ

Kheroni Violence : খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে দুয়োখন পাহাৰীয়া জিলাত ৷ ক্ৰমাগত দ্বিতীয় দিনৰ বাবে আজিও জিলা দুখনৰ হাট-বজাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয় ৷

খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া

ডিফু,17 ফেব্ৰুৱাৰী : 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে দুয়োখন পাহাৰীয়া জিলাত ৷ কোনো দল-সংগঠনে বন্ধৰ আহ্বান জনোৱা নাই যদিও শুকুৰবাৰৰ পৰা 144 ধাৰা জাৰি হৈ থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অব্যাহত থাকে বন্ধ সদৃশ পৰিৱেশ ৷ ক্ৰমাগত দ্বিতীয় দিনৰ বাবে আজিও জিলা দুখনৰ হাট-বজাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয় ৷

অৱশ্যে জিলাখনত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই যদিও আজি বকলীয়াঘাটত হাজাৰোধিক লোকে সমদল কৰি খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দুপৰীয়াৰ ভাগত বকলীয়াঘাট নগৰৰ মাজেৰে উলিওৱা এই বৃহৎ প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে 'কাৰ্বি আংলঙত বিহাৰীৰ দাদাগিৰি নচলিবʼ, ʼবিহাৰী গʼ বেকʼ, আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ আনহাতে ডিফুত আজি এ এছ ডি চি য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰি খেৰণিত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুণ্ডাবাহিনীয়ে নৃশংস আক্ৰমণ চলোৱা বুলি দাবী কৰি ঘটনাৰ সবিশেষ ব্যাখ্যা কৰে ৷ লগতে সংগঠনকেইটাই জিলাখনৰ বিভিন্ন স্থানত থকা পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও দাবী জনায় ৷

উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বৃহস্পতিবাৰে শান্তিপূর্ণ প্ৰতিবাদত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ আজিও তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ৷ দুস্কৃতিকাৰীয়ে আক্ৰমণত কেইবাগৰাকীও প্ৰতিবাদকাৰী গুৰুতৰভাবে আহত হয় ৷ এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে দুয়োখন পাৰ্বত্য জিলাত তীব্ৰ উত্তেজনা বিয়পি পৰে ৷ খেৰণিকে ধৰি কাৰ্বি আংলং জিলা সদৰ ডিফুত দোকান-পোহাৰ বন্ধ কৰি দিয়ে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : উত্তাল কাৰ্বি আংলং, টায়াৰ জ্বলাই অৰ্ধ নগ্ন প্ৰতিবাদ, ধৰ্ণা-ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.