ETV Bharat / state

বোমা বিস্ফোৰণৰ অভিযুক্ত সঞ্জীৱৰ কৃতিত্ব

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:10 PM IST

IGNOU result: প্ৰত্যাহ্বান নেওচি উজলি উঠিল কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সঞ্জীৱ তালুকদাৰ ৷ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে 'মাষ্টাৰ অব আৰ্টছ ইন ডেভেলপমেণ্ট ষ্টাডিজ'ত (এমএডিভিএছ) উত্তীৰ্ণ হৈ ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সঞ্জীৱে ৷

IGNOU result
বোমা বিস্ফোৰণৰ অভিযুক্ত সঞ্জীৱৰ কৃতিত্ব

বোমা বিস্ফোৰণৰ অভিযুক্ত সঞ্জীৱৰ কৃতিত্ব

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : মনত প্ৰৱল ইচ্ছা আৰু একাগ্ৰতা থাকিলে শিক্ষাৰ ক্ষেত্ৰত একো হেঙাৰ হ'ব নোৱাৰে। এই আপ্ত্যবাক্যশাৰী প্ৰমান কৰি দেখুৱালে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কয়দী সঞ্জীৱ তালুকদাৰে। প্ৰত্যাহ্বান নেওচি উজলি উঠিল সঞ্জীৱ তালুকদাৰ । ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগতে 'মাষ্টাৰ অব আৰ্টছ ইন ডেভেলপমেণ্ট ষ্টাডিজ'ত (এমএডিভিএছ) উত্তীৰ্ণ হৈ ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সঞ্জীৱ তালুকদাৰে।

পিচে এই সঞ্জীৱ কোন আপোনালোকৰ মনত আছেনে ? 2019 চনৰ 16 মে’ত গুৱাহাটীৰ জু-ৰোডত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাত নাম সাঙোৰ খাইছিল সঞ্জীৱৰ ৷ বোমা বিস্ফোৰণৰ অপৰাধত আজিৰ পৰা 5 বছৰৰ পূৰ্বে কাৰাগাৰলৈ গৈছিল সঞ্জীৱ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র আছিল সঞ্জীৱ তালুকদাৰ। জেইললৈ যোৱাৰ পাচতো অধ্যয়নৰ ক্ষেত্ৰত থমকি ৰোৱা নাছিল সঞ্জীৱ তালুকদাৰ। জেইলৰ ভিতৰৰ পৰা মুক্ত বিশ্ববিদ্যালয়ৰ সহায়ত সঞ্জীৱে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও ডিগ্ৰী ।

কোনো যাৱতীয় শিক্ষা ব্যৱস্থা নোহোৱাকৈ জেইলৰ ভিতৰতে থাকি শিক্ষা জীৱন অব্যাহত ৰাখিছে সঞ্জীৱে। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি জেইলৰ ভিতৰত অধ্যয়নৰ বাবে যিখিনি ব্যৱস্থাৰ প্ৰয়োজন সেইখিনি সঞ্জীৱক দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।

অৱশ্যে জেইলৰ ভিতৰৰ পৰা ভাল ফলাফল বা সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ সঞ্জীৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ লগতে অসমৰ বাহিৰৰ এনে কেইবাগৰাকী ছাত্ৰই জেইলৰ ভিতৰত থাকি সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই সন্দৰ্ভত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা অন্যান্য শিক্ষৰ্থীসকলৰ দৰে জেইলৰ ভিতৰত থকা অধ্যয়নৰ প্ৰতি আগ্ৰহী ছাত্ৰসকলক শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা হয় ।

অন্যান্য অধ্যয়ন কেন্দ্ৰসমূহৰ দৰে তিহাৰ জেইলকে ধৰি দেশৰ বহুকেইখন জেইলত এই অধ্যয়ন কেন্দ্ৰ আছে। অসমৰ কেন্দ্ৰীয় কৰাগাৰত এই ব্যৱস্থা আছে । য'ত বৰ্তমান অধ্যয়ন কৰি আছে বহু কেইগৰাকী ছাত্ৰই ৷

লগতে পঢ়ক: বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.