ETV Bharat / state

AIUDF ক মই ফেক্টৰ বুলি নাভাবো: প্ৰদ্যুৎ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:49 PM IST

Congress Candidate List Lok Sabha
মৰিগাঁও জিলা কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

Lok Sabha election-2024: দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ প্ৰৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই মৰিগাঁও জিলা কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰে বৰদলৈয়ে । AIUDF কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি তেওঁৰ মূল যুঁজখন বিজেপিৰে সৈতে হ'ব বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।

প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য

মৰিগাঁও,১৩ মাৰ্চ: প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে প্ৰাৰ্থী তথা কংগ্ৰেছী নেতা-কৰ্মীসকল । বৃহস্পতিবাৰে প্ৰকাশ পোৱা প্ৰাৰ্থীৰ তালিকা অনুসৰি নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ।

দ্বিতীয়বাৰৰ বাবে পুনৰ গঠিত নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই প্ৰদ্যুৎ বৰদলৈক মনোনীত কৰাত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । ইফালে INC আৰু APCC ৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে মঙলবাৰে মৰিগাঁও জিলা কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰে বৰ্তমানৰ সাংসদগৰাকীয়ে ।

সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছী সাংসদ তথা প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে শাসকীয় বিজেপি আৰু এ আই ইউ ডি এফ দলক কটু ভাষাৰে সমালোচনা কৰি কয় যে দুয়োটা দলেই সাম্প্ৰদায়িক ৰাজনীতি কৰে । তেওঁৰ মূল যুঁজখন বিজেপিৰ বিৰুদ্ধে হ'ব বুলি উল্লেখ কৰে । এ আই ইউ ডি এফক ফেক্টৰ বুলি নাভাবে সাংসদগৰাকীয়ে । এ আই ইউ ডি এফ এনে এটা দল যি কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বা চৰকাৰৰ অংশীদাৰো হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে কেৱল কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈকে নিৰ্বাচনত অৱৰ্তীণ হয় ।

AIUDF য়ে বিধান সভা আৰু লোকসভাত চৰকাৰৰ অংশীদাৰী হ'ব নোৱাৰে । লগতে সাংসদ গৰাকীয়ে কয় কংগ্ৰেছ দলে কেতিয়াও সাম্প্ৰদায়িক গণ্ডীৰ মাজত থাকি ৰাজনীতি নকৰে আৰু সেই কথা সৰ্বসাধাৰণ জনতাই ভালকৈ বুজি পায় । কংগ্ৰেছে অসমৰ প্ৰত্যেকটো ভাষা-ভাষী, জাতি-জনগোষ্ঠীক বুকুত লৈ তথা পিছপৰা, দুখীয়া আৰু শ্ৰমজীৱী মানুহৰ বাবে সেৱা আগবঢ়াই আহিছে । হিন্দু,মুছলমানৰ ৰাজনীতি নকৰি সাধাৰণ মানুহৰ ওচৰলৈ কংগ্ৰেছ দল যাব বুলি উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.