ETV Bharat / state

৫ বছৰীয়া কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিয়া মই অসমৰ প্ৰথম সাংসদ: প্ৰদ্যুৎ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:49 PM IST

MP Pradyut Bordoloi
৫ বছৰীয়া কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিয়া মই অসমৰ প্ৰথম সাংসদ

MP Pradyut Bordoloi: সাংসদ হিচাপে ৫ বছৰত যথেষ্ট উন্নয়নমূলক কাম কৰাৰ দাবী কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সাংসদ পুঁজি কৰ্তন কৰাৰ পিচতো নগাঁৱক এডুকেশ্যন হাব হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছে সাংসদগৰাকীয়ে । শংকৰ মিশ্যনৰ সহযোগত প্ৰথমবাৰলৈ ডিজিটেল নলেজ চেণ্টাৰ মুকলি কৰা হ'ব ।

৫ বছৰীয়া কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিয়া মই অসমৰ প্ৰথম সাংসদ

নগাঁও,১৭ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিত বিশেষকৈ নগাঁও লোকসভা সমষ্টিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দলৰ মজিয়াত আবেদন জনাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব তাক লৈ ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে । তাৰ মাজতে শনিবাৰে নগাঁৱত এখন সংবাদ মেলত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । ১৬ বছৰ বয়সৰ পৰাই কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি অহা বুলি দাবী কৰি আগন্তুক লোকসভা নিৰ্বাচনত বৰ্তমানৰ সাংসদ হিচাপে নগাঁও লোকসভা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিব বুলি তেওঁ উল্লেখ কৰে ।

অৱশ্যে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্ত মানি ল'ব বুলিও তেওঁ উল্লেখ কৰে । বিগত ৫ বছৰীয়া কাৰ্যকালৰ ৰিপ'ৰ্ট কাৰ্ড দিয়া তেওঁ অসমৰ প্ৰথমগৰাকী সাংসদ বুলিও দাবী কৰে । শনিবাৰে আয়োজিত সংবাদমেলত মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱক 'এডুকেশ্যন হাব' হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ কথাও উল্লেখ কৰে সাংসদ বৰদলৈয়ে ।

নগাঁও শংকৰ মিশ্যনৰ সহযোগত মধ্য অসমৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সুবিধাৰ্থে দেওবাৰে নগাঁৱত ডিজিটেল নলেজ চেণ্টাৰ মুকলি কৰাৰ কথাও সাংসদগৰাকীয়ে ঘোষণা কৰে । য'ত প্ৰথমা অৱস্থাত মধ্য অসমৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে কংগ্ৰেছ দলৰ পৰা একাংশ নেতাই পদত্যাগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদ্যুৎ বৰদলৈয়ে ই কংগ্ৰেছৰ বাবে নিৰাশজনক বুলি মন্তব্য কৰে । অৱশ্যে কংগ্ৰেছ দলক তেওঁ বুঢ়া লুইতৰ সৈতেও তুলনা কৰে ।

লগতে পঢ়ক :গুৱাহাটীত পুনৰ ‘কা’ৰ বিৰুদ্ধে ৰণহুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.