ETV Bharat / state

তেজপুৰত পৃথক পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াসহ দুজন নিহত

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 10:45 PM IST

দুটা পৃথক দুৰ্ঘটনাত এজন আৰক্ষী বিষয়াসহ আন এজন লোকৰ মৃত্যু ৷ তেজপুৰ ভোজখোৱাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক ৷

Road Accident in tezpur
পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া নিহত

পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াসহ দুজন নিহত

তেজপুৰ, 14 মাৰ্চ : ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ দুটা পৃথক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন লোকে ৷ তেজপুৰত সংঘটিত হোৱা পৃথক দুৰ্ঘটনা দুটাত এজন আৰক্ষী বিষয়াসহ আন এজন লোকৰ মৃত্যু হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি ল'লে এজন আৰক্ষী বিষয়াই ৷ তেজপুৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াজনৰ ৷ তেজপুৰ ভোজখোৱাত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক ৷ আৰক্ষী বিষয়াজনৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

জানিব পৰা মতে আজি নিশা প্ৰায় 7.45 বজাত তেজপুৰৰ ভোজখোৱাত সংঘটিত হয় শোকাৱহ এই পথ দুৰ্ঘটনাটো ৷ ঢেকীয়াজুলিত কৰ্মৰত আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক মোজামিল হাজৰিকাই মৰিগাঁৱৰ পৰা ঢেকিয়াজুলি অভিমুখে এ এছ 12 ডব্লিউ 9857 নম্বৰৰ ব্যক্তিগত এছ ইউ ভি বাহনখনেৰে আহি থকা অৱস্থাত তেজপুৰৰ ভোজখোৱা অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ডিভাইডাৰত খুন্দা মাৰে ৷ ফলত বাহনখন বাগৰি পৰে ৷

দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হোৱা আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হোৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ মৰিগাঁও জিলা আদালতত সাক্ষী দি তেজপুৰ ঢেকীয়াজুলিলৈ ঘূৰি আহিছিল আৰক্ষী বিষয়াজন ৷

আনহাতে আজি তেজপুৰৰ খলিহামাৰীত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা ৷ ডাম্পাৰৰ খুন্দাত জিৰণ দৈমাৰি (52) নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ চাৰিদুৱাৰ নিবাসী জিৰন দৈমাৰী নামৰ ব্যক্তিজনে এখন মটৰ চাইকেলত গৈ থাকোতে ডাম্পাৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক : ইমান অত্যাচাৰ কেনেকৈ সহিম বুলি চিকিৎসাৰ মাজতে আঁতৰি গ’ল বেবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.