ETV Bharat / state

ইমান অত্যাচাৰ কেনেকৈ সহিম বুলি চিকিৎসাৰ মাজতে আঁতৰি গ’ল বেবী

Woman mysterious death: টীয়কত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ যুৱতীৰ পৰিয়ালৰ ৷

Woman mysterious death
চাঞ্চল্যকৰ ঘটনা
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 11:47 AM IST

2 Min Read
Choose ETV Bharat
উচিত তদন্তৰ দাবী

টীয়ক, 14 মাৰ্চ : টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱৰ বেবী তাঁতী হাজৰিকা নামৰ এগৰাকী বোৱাৰীৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই নতুন মোৰ লৈছে । বেবীৰ পৰিয়ালে বেবীৰ মৃত্যু এক হত্যাকাণ্ড বুলি দাবী কৰাৰ লগতে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ।

মৃত যুৱতীগৰাকীৰ ভগ্নী আৰু স্থানীয় মহিলাৰ ভাষ্য অনুসৰি, দীৰ্ঘদিন ধৰি স্বামী ৰঞ্জিত হাজৰিকাই শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, ৬ মাৰ্চৰ দিনা ৰঞ্জিতে ৰাজহুৱা স্থানতে পত্নী বেবীক মাৰপিট কৰিছিল । এই অপমান সহিব নোৱাৰি বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল বেবীয়ে ।

অৱশ্যে এই কাৰ্য সংঘটিত কৰাৰ খবৰ পাই ততাতৈয়াকৈ ওচৰ চুবুৰীয়া একাংশই বেবীক টীয়ক এফ আৰ ইউলৈ লৈ যায় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু ১০ মাৰ্চত চিকিৎসাধীন অৱস্থাতে বেবীৰ মৃত্যু হয় । লক্ষ্যণীয় বিষয় এয়ে যে, বেবীৰ মৃত্যুৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ টীয়কৰ পৰ্বতীয়া গাঁৱৰ ঘৰলৈ আনি গাঁওবাসীৰ অজ্ঞাতে একাংশ যুৱকক লৈ স্বামী ৰঞ্জিতে সৎকাৰ কৰি থৈ দিয়ে ৷ ইয়াকে কেন্দ্ৰ কৰি গাওঁবাসীৰ মাজত সন্দেহৰ সৃষ্টি হয় ।

ইপিনে, বেবীৰ মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি গাঁৱৰ একাংশ মহিলাই টীয়ক আৰক্ষী থানাত উপস্থিত হৈ উপযুক্ত তদন্তৰ দাবী জনাইছিল যদিও বেবীৰ পৰিয়ালৰ তৰফৰ পৰা কোনো অভিযোগ টীয়ক আৰক্ষী থানাত দাখিল নকৰাৰ অজুহাতত টীয়ক আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । আজি বেবীৰ মাতৃ ৰাধিকা তাঁতীয়ে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু কন্যাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া স্বামী ৰঞ্জিত হাজৰিকাক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় । জানিব পৰা মতে, বেবী আদিবাসী সম্প্ৰদায়ৰ হোৱাৰ বাবে ৰঞ্জিতৰ পৰিয়ালৰ লোকে বেবীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ৰক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰিছে বেবীৰ ভগ্নীয়ে ।

লগতে পঢ়ক : সপ্তম মহলাৰ পৰি ৰহস্যজনক মৃত্যু মহিলাৰ