ETV Bharat / state

মেলেং মেটেলিৰ পৰাই দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে ১৭,৫০০ কোটি টকাৰ প্ৰকল্প

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 5:47 PM IST

Narendra Modi in Jorhat: যোৰহাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে উৎসৰ্গা কৰিলে সৰ্বমুঠ ১৭,৫০০ কোটি টকা ব্যয়ৰ বহুকেইটা প্ৰকল্প ৷ প্ৰধানমন্ত্ৰী আৱাসগৃহৰ পৰা তেল নিগমৰ টামিৰ্ণেললৈকে অন্তৰ্ভুক্ত হ’ল প্ৰকল্পসমূহত ৷

Narendra Modi in Jorhat
যোৰহাটৰ মেলেং মেটেলিত প্ৰধানমন্ত্ৰীৰ সভা

যোৰহাটৰ মেলেং মেটেলিত প্ৰধানমন্ত্ৰীৰ সভা

যোৰহাট, 9 মাৰ্চ: শনিবাৰে যোৰহাটৰ মেলেং মেটেলি অনুষ্ঠিত বিশাল ৰাজহুৱা সভাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক সম্বোধন কৰে ৷ উক্ত সভাৰ পৰাই কেবাটাও প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰাৰ লগতে আন কেবাটাও প্ৰকল্পৰ শিলান্যাস কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে লোকাৰ্পণ আৰু শিলান্যাস কৰা প্ৰকল্পসমূহ হ’ল: প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীন অধীনত নিৰ্মিত ৮৫০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫ লাখৰো অধিক প্ৰধানমন্ত্ৰী আৱাসগৃহ প্ৰৱেশৰ গ্ৰাম্য উন্নয়ন প্ৰকল্প, ৬২০ কোটিৰ ব্যয়েৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৪০০০ কোটি ব্যয়ৰে প্ৰধানমন্ত্ৰী উৰ্জা গংগাৰ অংশ হিচাপে বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প ৷

৬০০ কোটি টকাৰে নাহৰকটীয়া বাৰাউনী খাৰুৱা তেল পাইলাইন, বাৰাউনী, বঙাইগাঁও, গুৱাহাটীৰ খণ্ডৰ পাম্পি ক্ষমতা বৰ্ধিতকৰণ প্ৰকল্প, ৫০ কোটিৰে দুলীয়াজান ১ নং পাম্প ষ্টেচন পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইন প্ৰতিস্থাপন প্ৰকল্প, ৮১০ কোটিৰে নিউ বঙাইগাঁও গোৱালপাৰা কামাখ্যা দ্বৈতকৰণ প্ৰকল্প, ধুপধৰা ছয়গাঁও শাখাৰ ৰেলপথ দ্বৈতকৰণ প্ৰকল্প ৷

৫২০ কোটিৰ নিউ বঙাইগাঁও ৰঙিয়া আগিয়াঠুৰী দ্বৈতকৰণ প্ৰকল্প, নিউ বঙাইগাঁও সৰভোগ শাখাৰ ৰে’লপথৰ দ্বৈতকৰণ প্ৰকল্প, প্ৰধানমন্ত্ৰী উন্নয়নমূলক পদক্ষেপ আঁচনিৰ অধীনত ৫০০ কোটি ব্যয়ৰে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়, গুৱাহাটীৰ ড৹ বি বৰুৱা কৰ্কট চিকিৎসালয়ত ৩০০ কোটিটকীয়া কৰ্কটৰোগ চিকিৎসা কেন্দ্ৰ, ৮০০ কোটি ব্যয়ৰে ডিগবৈ শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা ০.৬৫ ৰ পৰা ১ মিলিয়ণ মেট্ৰিক টনলৈ বৃদ্ধিকৰণ, ৫০০ কোটিৰে গুৱাহাটী শোধনাগাৰ বাৰ্ষিক ক্ষমতা ১.০ৰ পৰাৰ ১.২ মিলিয়ণ মেট্ৰিক টনলৈ বৃদ্ধিকৰণ ৷ ৩০০ কোটি টকা ব্যয়েৰে ভাৰতীয় তেল নিগমৰ বেতকুছি (গুৱাহাটী)টামিৰ্ণেল সুবিধাসমূহ উন্নীতকৰণ/সম্প্ৰসাৰণ ৷

উক্ত প্ৰকল্পসমূহৰ ভিতৰত ১২ টা প্ৰকল্প অসমৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উৎসৰ্গা কৰে আৰু উক্ত প্ৰকল্প সৰ্বমুঠ ব্যয় হৈছে ১৭,৫০০ কোটি টকা । আনহাতে আজি মেলেং মেটেলিস্থিত প্ৰধানমন্ত্ৰী সভালৈ নাম গাই গাই আহিল লাখপতি বাইদেউসকল । প্ৰধানমন্ত্ৰী মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি অংকন কৰি মেলেংমেটেলিলৈ আহিল আন এজন ব্যক্তি ।

লগতে পঢ়ক: মূৰত মুগাৰ পাগুৰি, গাত পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.