জনপ্ৰিয় অসমীয়া টি ভি ধাৰাবাহিকত নাটকৰ সংলাপ ! দুখ প্ৰকাশ নাট্যকাৰৰ - TV serial Controversy
Popular Assamese TV serial : জনপ্ৰিয় অসমীয়া টি ভি ধাৰাবাহিকত তেওঁ লিখা নাটকৰ সংলাপ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি দুখ প্ৰকাশ নাট্যকাৰৰ ৷ জনপ্ৰিয় অসমীয়া টি.ভি ধাৰাবাহিকৰ চৰিত্ৰ আৰু সংলাপৰ হুবহু মিল থকা বিষয়ক লৈ আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে ৷

Published : May 25, 2024 at 10:29 PM IST
কলিয়াবৰ, 25 মে’ : "আমি গাঁৱতে থাকি নাটকত লাগি থকা মানুহ, আমাৰ নাটকৰ সংলাপ গম নোপোৱাকৈ ধাৰাবাহিক পালেগৈ !" এই মন্তব্যৰে দুখ প্ৰকাশ বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ ৷ এখন জনপ্ৰিয় অসমীয়া টি ভি ধাৰাবাহিকত তেওঁ লিখা নাটকৰ সংলাপ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি এইদৰে দুখ প্ৰকাশ কৰে নাট্যকাৰজনে ৷ এই সন্দৰ্ভত কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
তেওঁ কয় যে, নাটক বা ধাৰাবাহিকৰ চৰিত্ৰ নিৰ্মাণ আৰু সংলাপ লিখোতে সাৱধান হওক, আনৰ সৃষ্টিকৰ্মক নিজৰ বুলি কোৱাৰ আগতে, মূল স্ৰষ্টাজনৰ কষ্টৰ মূল্য বুজি উঠক ৷ জনপ্ৰিয় অসমীয়া টি ভি ধাৰাবাহিকৰ চৰিত্ৰ আৰু সংলাপৰ হুবহু মিল থকা বিষয়ক লৈ এইদৰে আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে ৷
উল্লেখ্য যে, সামাজিক মাধ্যমত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ এক অভিযোগে তীব্ৰ চৰ্চা লাভ পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ এটা মনোৰঞ্জন চেনেল যোগে সম্প্ৰচাৰিত এখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিকৰ কাহিনীৰ লগতে চৰিত্ৰ তথা সংলাপৰ তেওঁৰ এখন বিশেষ নাটকৰ সৈতে প্ৰায় অবিকল মিল থকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এইগৰাকী বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই ৷ শেহতীয়াকৈ বিশেষ ধাৰাবাহিকখনৰ এটা খণ্ডৰ প্ৰচাৰৰ সময়ত দেখা পোৱা এনে কাণ্ডৰ বিষয়ে ফোনযোগে এগৰাকী গুণমুগ্ধই বিষয়টো নাট্যকাৰক জনায় ৷ ইয়াৰ পিচতে বিষয়টো ধাৰাবাহিকখনৰ খণ্ড পৰিচালক তথা চিত্ৰ-নাট্যকৰক অৱগত কৰে নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই ৷
তেখেতে জানিবলৈ দিয়া অনুসৰি 2000 চনত ৰচনা কৰা বহু সমাদৃত নাটক 'কাপুৰুষ-মহাপুৰুষ'ৰ চৰিত্ৰ 'সত্য জীৱন কাকতি'ৰ চৰিত্ৰটো আৰু সংলাপৰ সৈতে বিশেষ ধাৰাবাহিকৰ চৰিত্ৰ 'সত্যবান'ৰ লগত প্ৰায় অবিকল মিল দেখা পাই বিষয়টো ধাৰাবাহিকখনৰ খণ্ড পৰিচালক তথা চিত্ৰ-নাট্যকাৰক জনায় ৷ কিন্তু ধাৰাবাহিকখনৰ তৰফৰ পৰা সদুত্তৰ নোপোৱাত বিষয়টো ৰাজহুৱা কৰে বুলি জনাই নাট্যকাৰগৰাকীয়ে ৷ এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই ৷
লগতে পঢ়ক : জুবিন গাৰ্গৰ মুখতো ডাঙৰীয়াৰ প্ৰসংগ - Zubeen Garg BIHU PROGRAM 2024
লগতে পঢ়ক : মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া - MOTOK KING SARBANANDA SINGHA

