ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মুছলমান মানুহৰ মিত্ৰ: ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:08 PM IST

Phanibhushan Chaudhary campaigns at Mukalmua in Nalbari
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

টিহু বিধানসভাৰ মুকালমুৱাত বৰপেটা লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ । উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য । সংখ্যালঘু অধ্যুষিত অঞ্চলটোত মহিলা হিতাধিকাৰী সন্মিলনীৰে প্ৰচাৰ চলাই নিৰ্বাচনৰ ।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী,৫ এপ্ৰিল: আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰৰ অনুমতি নাপালেও শাসক-বিৰোধীয়ে বৰপেটা লোকসভা সমষ্টিত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ঘূৰিছে জ্যেষ্ঠ অগপ নেতা তথা বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী । শুকুৰবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত টিহু বিধানসভা সমষ্টিত বিজেপি, অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ নাৰায়ণপুৰ মিনি ষ্টেডিয়ামত অঞ্চলটোৰ মহিলাসকলক লৈ হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই ফণীভূষণ চৌধুৰীয়ে । সভাখনত চৌধুৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য । ভাষণ প্ৰসংগত ফণীভূষণ চৌধুৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মুছলমান মানুহৰ মিত্ৰ ।

অসমক আটাইতকৈ বেছি সুবিধা প্ৰদান কৰা প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী । চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব । আনহাতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰতো সংখ্যলঘু ৰাইজৰ বাবে যদি উন্নয়ন আনিছে সেয়া কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই আনিছে বুলি মন্তব্য কৰে ফণীভূষণ চৌধুৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ইপিনে বৰপেটাত BPFয়েও প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত ফণীভূষণ চৌধুৰীয়ে কয় যে প্ৰাৰ্থী দিব লাগে বাবেহে দিছে, সকলোৱে দিব পাৰে । জয়ী কোন হয় সেয়া সময়ত লক্ষণীয় হ'ব আৰু এইবাৰ সংখ্যালঘু ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকেই ভোট দিব বুলি তেওঁ কয় ।

লগতে পঢ়ক: ফণীভূষণ চৌধুৰীৰ মন্তব্যত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া: ক'লে দীৰ্ঘায়ু হওক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.