ETV Bharat / state

ভোটকেন্দ্ৰত হাতৰ চিন দেখি আবেগিক নহ’বলৈ সংখ্যালঘু ভোটাৰক আহ্বান ফণীভূষণ চৌধুৰীৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 8:59 PM IST

Lok Sabha election 2024 : "সংখ্যালঘু লোকৰ এটা স্বভাৱ আছে ৷ হাতৰ ছবিটো দেখিলে হাতখন কঁপিবলৈ ধৰে ৷ হাতীৰ ছবিত ভোট দিবলৈ গৈ হাতৰ ছবিত ভোটদান কৰি আহে ৷" এই মন্তব্য অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ

LOK SABHA ELECTION 2024
ভোটকেন্দ্ৰত হাতৰ চিন দেখি আবেগিক নহ’বলৈ সংখ্যালঘু ভোটাৰক আহ্বান ফনীভূষণ চৌধুৰীৰ

ভোটকেন্দ্ৰত হাতৰ চিন দেখি আবেগিক নহ’বলৈ সংখ্যালঘু ভোটাৰক আহ্বান ফনীভূষণ চৌধুৰীৰ

বৰপেটা, ২ এপ্ৰিল : "ভোটকেন্দ্ৰলৈ গৈ হাতৰ চিন দেখি সংখ্যালঘু ভোটাৰসকলে আবেগিক নহ’ব ৷ আপোনালোকে আবেগিক হৈ আগতেও হাতৰ ছবিত ভোট নিদিয়াকৈ আহিছে ৷ এতিয়া দিন পৰিৱৰ্তন হৈছে ৷" মঙলবাৰে বৰপেটাৰ সংখ্যালঘু অধ্যুষিত পাকাবেতবাৰী সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে প্ৰচাৰ অভিযানৰ সময়ত এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰোপৰি প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে খৰিচালা, দাবলীয়াপাৰা, কয়াকুছি আদি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰচাৰ চলাই কয় যে, এইবাৰ সংখ্যালঘু ভোটাৰে কথা দিছে যে, হাত নহয় হাতীৰ ছবিত ভোট দিব ৷ নিৰ্বাচনত অগপৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পোলিং এজেন্টজনেও অগপক ভোট নিদিয়াৰ নজিৰ আছে ৷ আনকি আজিও সংখ্যালঘু সম্প্ৰদায়ৰ বহু লোকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সংখ্যালঘু বিদ্বেষী বুলি ভাবে ৷ এই কথাটো কিমান সঁচা সেয়া বিচাৰ কৰিব লাগে সংখ্যালঘু ভোটাৰে ৷

চৌধুৰীক সংগ দিয়ে কমল কুমাৰ মেধি, অনিল দাসকে ধৰি কেবাজনো বিজেপি আৰু অগপ নেতাই ৷ ফণীভূষণ চৌধুৰীয়ে লগতে কয় যে, 'আমিও কংগ্ৰেছী আছিলো ৷
পিচে সংখ্যালঘু লোকৰ এটা স্বভাৱ আছে ৷ হাতৰ ছবিটো দেখিলে হাতখন কঁপিবলৈ ধৰে ৷ হাতীৰ ছবিত ভোট দিবলৈ গৈ হাতৰ ছবিত ভোটদান কৰি আহে ৷"

সাংবাদিকৰ আগত ফণীভূষণ চৌধুৰীয়ে কয় যে, ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰসকল অগপ-বিজেপি মিত্ৰজোঁটক সমৰ্থনৰ বাবে মাৰবান্ধি থিয় দিছে ৷ বজালী, বৰপেটা, ভৱানীপুৰ-সৰভোগ সমষ্টিৰ সৈতে পাকাবেতবাৰী সমষ্টিৰ ভোটাৰৰ কম্পিৰিচন হৈছে ৷ এই সমষ্টিকেইটাই যদি 50 ৰ পৰা 60 হাজাৰ ভোটৰ লীড দিব পাৰে তেন্তে পাকাবেতবাৰীৰ পৰাও 50 ৰ পৰা 60 হাজাৰ ভোটৰ লীড দিবলৈ চিন্তা-চৰ্চা চলিছে ৷

লগতে পঢ়ক: কম খৰচত-কম সময়ত বিমানেৰে যাত্ৰা কৰক ভিন্ন স্থানলৈ ! - Travel by Flight at lower price

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.