ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:09 AM IST

Updated : Jan 23, 2024, 10:53 AM IST

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভূমিকাক একমুখে সমালোচনা বিৰোধী ঐক্য মঞ্চত থকা দল সমূহৰ ৷ চি পি আই এম, আম আদমী পাৰ্টী, অসম জাতীয় পৰিষদে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷

Bharat Jodo Nyay Yatra
বিৰোধী ঐক্যমঞ্চ

মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

গুৱাহাটী, 19 জানুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে ৷ এই যাত্ৰাই অসমৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এফালে যেনেকৈ এই যাত্ৰাক বাধা দিছে তাৰ বিপৰীতে কংগ্ৰেছ দলে এই যাত্ৰাক ব্যাপক কৰাৰ বাবে উঠিপৰি লাগিছে ৷

মনকৰিবলীয়া যে ৰাহুল গান্ধীৰ এই যাত্ৰাক বিৰোধী দলৰ ঐক্য মঞ্চত থকা বিৰোধী দলসমূহে সমৰ্থন আগবঢ়োৱাৰ লগতে সহযোগিতা আগবঢ়োৱা দেখা গৈছে ৷ এই যাত্ৰাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ পদক্ষেপ আৰু কথা-বতৰাৰ প্ৰতি বিৰোধী দল চি পি আই এম, আম আদমী পাৰ্টী, অসম জাতীয় পৰিষদ আদিয়ে একেমুখে কঠোৰ সমালোচনা কৰিছে ৷

এই সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰিছে ৷ মণিপুৰত আৰু নাগালেণ্ডত এই যাত্ৰা সফলভাৱে হৈছে। অসমত প্ৰৱেশ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ যি ভূমিকা সেয়া অতি লজ্জাজনক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ যি ৰাজনৈতিক নৈতিকতা আৰু সীমাবদ্ধতা থাকিব লাগে সেয়া সকলো তেওঁলোকে বাদ দিছে বুলি কয় তালুকদাৰে ৷

তেওঁ কয় যে, বিৰোধী দলৰ স্বাভাবিক যি প্ৰচাৰ কাৰ্য তাত চৰকাৰে বাধা দিয়াৰ চেষ্টা কৰিছে ৷ তাৰ পিছতো অসমত এই যাত্ৰাই সহাঁৰি পাইছে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে বিজেপিৰ প্ৰলোভন আৰু মিছা প্ৰচাৰৰ পিছতো মানুহে বিৰোধীক আদৰি লৈছে ৷

ইফালে আম আদমী পাৰ্টী অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে কয় যে, এই যাত্ৰাৰ প্ৰতি বিৰোধী দলৰ ঐক্য মঞ্চৰ অংশীদাৰ দল হিচাপে সমৰ্থন দিছে তেওঁলোকে ৷ প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই এই যাত্ৰাক বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছে ৷ ৰাইজে যদি এই যাত্ৰাত অংশগ্ৰহণ কৰিব বিচাৰিছে তেতিয়া চৰকাৰ চিন্তিত কিয় হ'ব লাগে বুলি কয় তেওঁ ৷

আনহাতে অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই যাত্ৰাক বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছে ৷ চৰকাৰৰ দায়িত্ব গণতান্ত্ৰিক যাত্ৰাক উপযুক্ত সুৰক্ষা দিয়া ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিক ব্যৱস্থা উলংঘন কৰিছে ৷ গণতান্ত্ৰিক ব্যৱস্থাক পদাঘাত কৰিছে বুলি কয় অজাপৰ নেতাজনে ৷

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই যাত্ৰাই ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিছে ৷ আগন্তুক কেইদিনো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰাইজৰ পৰা ব্যাপক সহাঁৰি লাভ কৰিব ৷ তেওঁ কয় যে এই যাত্ৰাক বাধা দিয়াৰ বাবে বিজেপিয়ে বিভিন্ন কূটকৌশল ৰচনা কৰি আছে ৷ এই কূটকৌশলক কংগ্ৰেছ দলে ভয় নকৰে বুলি কয় ভূপেন বৰাই ৷

লগতে পঢ়ক: অমিত শ্বাহৰ গুৱাহাটী আগমনৰ বাবে মহানগৰীত পথ নিৰ্দেশনা

Last Updated : Jan 23, 2024, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.