ETV Bharat / state

চি এ এৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:26 PM IST

Protest against CAA implementation
চিএএৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

Protest against CAA implementation: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধী দল-সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছে । অসমৰ পৰা চি এ এ বাতিলৰ দাবীত সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে । একাংশ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়েও প্ৰতিবাদ সাব্যস্ত কৰে ।

চিএএৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নিউজ ডেস্ক,১২ মাৰ্চ : দেশজুৰি চি এ এ বলৱৎ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । ইফালে অসমৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছে । বিৰোধী কংগ্ৰছকে ধৰি সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । তাৰ অংশস্বৰূপে মাজুলীত জিলা কংগ্ৰেছৰ উদ্যোগত গড়মূৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিষ্ণু কমল পায়েঙে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

ইফালে সোমবাৰে নিশা আৰক্ষীৰ বাধাৰ পিচতো যোৰহাট নগৰৰ মাজমজিয়াত যোৰহাট জিলা ছাত্র সন্থা, অসম সেনা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । অসমত এই জাতিধ্বংসী আইন বলপূৰ্বকভাৱে জাপি দিয়া কাৰ্যক সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে দল-সংগঠনসমূহে । এনে পৰিস্থিতিত যোৰহাট জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । আনকি সাধাৰণ পোছাকতো নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।

একেদৰে ধেমাজি জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও চিএএৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চিএএৰ প্ৰতিলিপি দাহ কৰাৰ লগতে সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লক্ষণীয়ভাৱে জিলাখনত নিশাৰে পৰা আছুসহ বিভিন্ন দল-সংগঠনে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ পৰা এই আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

গোলাঘাট জিলাতো একাংশ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । দেবৰাজ ৰয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও গণতান্ত্ৰিকভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক বাধা দিয়াৰ চেষ্টা কৰে । যাক লৈ শিক্ষাৰ্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় ।

লগতে পঢ়ক :'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.