ETV Bharat / state

নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা; বাহনসহ অভিযুক্ত পলাতক

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 11:23 AM IST

Updated : Feb 19, 2024, 2:22 PM IST

Attempt to kidnap: নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা ৷ মহানগৰীৰ জি.এছ ৰোডত দেওবাৰৰ নিশা সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠকৰ নাম ৷ বাহনসহ অভিযুক্ত পলাতক বুলি জানিব পৰা গৈছে ।

one youth attempt to kidnapped in GS road guwahati on 18 th February
নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা

নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: মহানগৰীত পুনৰ সংঘটিত হৈছে শিহৰণকাৰী ঘটনা । এইবাৰ নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । মহানগৰীৰ জি এছ ৰোডত সংঘটিত হৈছে এই ঘটনা । দেওবাৰৰ নিশা এই ঘটনা সংঘটিত হৈছে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যুৱতীগৰাকীয়ে সতীৰ্থৰ সৈতে কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ সময়তে এই ঘটনাটো সংঘটিত হয় । অপহৰণত ব্যর্থ হৈ যুৱতীগৰাকীৰ সতীৰ্থকো বিলাসী বাহনেৰে চাৰিজনীয়া যুৱকৰ দলটোৱে খুন্দা মাৰে বুলি কয় ভুক্তভোগী যুৱতীগৰাকীয়ে । খুন্দা মৰা বিলাসী বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে । এতিয়াও আৰক্ষীৰ জালত পৰা নাই অভিযুক্ত ।

সম্প্ৰতি, বাহনসহ অভিযুক্ত পলাতক বুলি জানিব পৰা গৈছে । ইপিনে আঘাতপ্ৰাপ্ত যুৱতী আৰু যুৱতীগৰাকীৰ সতীৰ্থক নিশাই হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত ভঙাগড় থানাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

নিশা মহানগৰীত নাৰী কিমান সুৰক্ষিত এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে । উল্লেখ্য যে, কিছুদিন পূৰ্বে মহানগৰীৰ পৰা সন্ধানহীন হৈছিল তিনিগৰাকীকৈ ছাত্ৰী ৷ সৰস্বতী পূজাৰ দিনাই নিৰুদ্দেশ হৈছিল তিনিওগৰাকী ছাত্ৰী ৷ ইয়াৰ পিচত ইয়াৰে দুগৰাকী ছাত্ৰীক সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে

আনহাতে, সৰস্বতী পূজাৰ দিনা সন্ধানহীন হোৱা তৃতীয়গৰাকী ছাত্ৰীক নুনমাটি আৰক্ষীয়ে নুনমাটিৰ বাপুজী নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বিগত বৃহস্পতিবাৰৰ দিনা সন্ধানহীন ছাত্ৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে অনুসন্ধান চলাই সমীন আলীৰ বাসগৃহৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে সমীন আলীক আটক কৰি থানালৈ লৈ যায় ।

উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী সপ্তম শ্ৰেণীৰ বুলি জানিব পৰা গৈছে । ক্ৰমবৰ্ধমান এই ঘটনাই গুৱাহাটীবাসীক নিৰাপত্তাহীনতাত ভোগাইছে ৷

লগতে পঢ়ক: সকলোকে ঠগিলে ! কুকৰ্মত সিদ্ধহস্ত দৃষ্টিহীন মাধৱৰ ক’লা অধ্যায় ফাদিল

Last Updated : Feb 19, 2024, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.