ETV Bharat / state

নিযুক্তি পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছতো নহ'ল চাকৰি

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 2:09 PM IST

No job even after getting certificate of being selected
নিৰ্বাচিত হোৱাৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছতো নহ'ল চাকৰি

Job Scam in Nalbari: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত হোৱা কেলেংকাৰীৰ অভিযোগৰ বহু তথ্য সময়ে সময়ে পোহৰলৈ আহিছে । এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বিষয়ে এক ভয়ংকৰ তথ্য দাঙি ধৰিছে নলবাৰীৰ এজন লোকে । প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছতো চাকৰিৰ বঞ্চিত হ'ল ৰাহুল ।

নিৰ্বাচিত হোৱাৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছতো নহ'ল চাকৰি

নলবাৰী,১৮ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগে লগে বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ আশা দেখিছিল । সংস্থাপনৰ সপোন দেখা তেনে এজন যুৱক হ'ল নলবাৰীৰ ৰাহুল আমিন । নলবাৰী চহৰৰ আব্দুল জব্বৰ আৰু জ্যোস্না বেগমৰ পুত্ৰ ৰাহুলে লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰমাণ-পত্ৰ লাভ কৰে ।

বিশেষভাৱে সক্ষম ৰাহুলে চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰথমে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী মৌখিক পৰীক্ষা লৈয়ো নিৰ্বাচিত হয় । পিছত দ্বিতীয়টো মৌখিক পৰীক্ষাতটো উত্তীৰ্ণ হৈ পিয়ন পদত নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰমান-পত্ৰ লাভ কৰে । কিন্তু নিৰ্বাচিত হৈয়ো আজিলৈকে চাকৰিৰ পৰা বঞ্চিত হৈ থাকিল ৰাহুল । ৰাহুলৰ লগত একেলগে নিৰ্বাচিত হোৱা একাংশই নিযুক্তিপত্ৰ লাভ কৰি এতিয়া কৰ্মৰত হৈ থকাৰ বিপৰীতে নিৰ্বাচিত হৈয়ো আজিলৈকে নিযুক্তি পত্ৰ লাভ নকৰাত এতিয়া মানসিক ভাৱে ভাঙি পৰিছে ৰাহুল ।

কাৰ ভুলৰ বাবে ৰাহুলে নিযুক্তি পত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল তাৰে এক তদন্ত দাবী কৰিছে ৰাহুলে । আৰ্থিক সমস্যাই জুৰুলা কৰা ৰাহুলে চাকৰিৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰমান পত্ৰ লাভ কৰাৰ পিছতে চাকৰি নিশ্চিত বুলি আশা কৰিছিল যদিও সেইয়া এতিয়া লৈকে হৈ নুঠাত চিন্তিত হৈ পৰিছে ৰাহুল । এতিয়া শীঘ্ৰে নিযুক্তি পত্ৰ দিবলৈ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ হাতযোৰ কৰি অনুৰোধ জনাইছে ৰাহুলে । সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো কেনেকৈ এই কাৰ্য সংঘটিত হ'ল তাক লৈ চিন্তিত হৈ পৰে সচেতন মহল ।

লগতে পঢ়ক: প্রসংগ দ্বিভাষিক পাঠ্যপুথি প্রকাশ : ছাত্ৰ সন্থাৰ আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.