ETV Bharat / state

প্রসংগ দ্বিভাষিক পাঠ্যপুথি প্রকাশ : ছাত্ৰ সন্থাৰ আদৰণি

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:50 PM IST

Bilingual Textbook Assam : পৰীক্ষাত মাতৃভাষাত লিখাৰ সুযোগ পাব লাগিব ছাত্ৰ-ছাত্ৰীয়ে । প্ৰতিক্ৰিয়া আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ । অবিৰত আন্দোলনৰ ফলশ্ৰুতিত শিক্ষা বিভাগে এইবৰ্ষৰ ষষ্ঠ আৰু সপ্তম শ্রেণীৰ পাঠ্যপুথিসমূহ নতুন শিক্ষানীতিৰ আধাৰত দ্বিভাষিক হ'ব বুলি প্ৰকাশ কৰিবলৈ বাধ্য হ'ল ।

Bilingual Textbook Assam
দ্বিভাষিক পাঠ্যপুথি প্রকাশক ছাত্ৰ সন্থাৰ আদৰণি

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : অৱশেষত অসম চৰকাৰে নিজৰ আঁকোৰগোঁজ স্থিতি প্ৰত্যাহাৰ কৰি ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ অসমীয়া, বড়ো আৰু আন আন মাতৃভাষা মাধ্যমত কিতাপ ছপোৱাৰ সিদ্ধান্ত ল'লে ৷ এই প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ ৷ বিগত বৰ্ষত ষষ্ঠ শ্ৰেণীৰ অংক, বিজ্ঞান পাঠ্যপুথি কেৱল ইংৰাজী ভাষাত ছপোৱাৰ পৰিৱৰ্তে এই বৰ্ষৰ পৰা দ্বিভাষিক পাঠ্যপুথি ছপাবলৈ লোৱা সিদ্ধান্তক ইতিবাচক আখ্যা দিছে ছাত্ৰ সন্থাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে যিখিনি সময়ত দেশৰ নতুন শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে সেই সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীৰ পৰাই অংক, বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়োৱাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই আৰম্ভণিৰে পৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে ৷ অসমৰ প্ৰায়বোৰ শিক্ষক সংগঠনে ইয়াৰ বিৰোধিতা কৰিলে ৷ জনজাতীয় সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাসমূহেও তাৰ বিৰোধিতা কৰিছিল ৷ কিন্তু আঁকোৰগোঁজ অসম চৰকাৰে বিজ্ঞান আৰু অংকৰ পাঠ্যপুথি বিগত শিক্ষাবৰ্ষত ইংৰাজী ভাষাত ছপা কৰি ইংৰাজী মাধ্যমতে পাঠদান কৰিবলৈ বাধ্য কৰালে ৷

গুণোৎসৱৰ পৰীক্ষা পর্যন্ত ইংৰাজী ভাষাত অনুষ্ঠিত কৰিলে ৷ ইয়াৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছিল ৷ বি টি আৰ অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই যৌথভাৱে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিলে ৷ সমগ্ৰ ৰাজ্যজুৰি চলি থকা অবিৰত আন্দোলনৰ ফলশ্ৰুতিত শিক্ষা বিভাগে এইবৰ্ষৰ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ পাঠ্যপুথিসমূহ নতুন শিক্ষানীতিৰ আধাৰত দ্বিভাষিক হ'ব বুলি প্ৰকাশ কৰিছে ৷ দ্বিভাষিক পাঠ্যপুথি প্ৰকাশৰ সিদ্ধান্তক ছাত্ৰ সন্থাই আদৰণি জনাইছে বুলি আছুৰ নেতাদ্বয়ে কয় ৷

তেওঁলোকে কয় যে ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰাই কৈ আহিছে যে অংক, বিজ্ঞানৰ পৰিভাষিক শব্দাবলী অর্থাৎ Terminology সমূহ ইংৰাজীত শিকোৱাত কোনো আপত্তি নাই ৷ দ্বিভাষিক পাঠ্যপুথিয়ে এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব ৷ কেৱল দ্বিভাষিক পাঠ্যপুথি ছপালেই নহ'ব, ছাত্ৰী-ছাত্ৰীয়ে মাতৃভাষা মাধ্যমত পৰীক্ষাত লিখাৰ সুযোগ পাব লাগিব বুলি তেওঁলোকে কয় ৷ এই ক্ষেত্ৰতকার্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই তেওঁলোকে কয় যে যেতিয়ালৈকে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা আন বিষয়ৰ দৰে মাতৃভাষাত শিকিব আৰু পৰীক্ষাত লিখিব পৰা ব্যৱস্থাৰ প্ৰৱৰ্তন নহ'ব তেতিয়ালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয় ৷

লগতে পঢ়ক : ৰাজ্যখনত নিৰ্মাণ কৰা হ’ব আৰু ছয়খন ছুপাৰস্পেচিয়েলিটি হাস্পতাল : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.