ETV Bharat / state

লুৰীণজ্যোতিক আৰ্শীবাদ দিবলৈ মাজুলীৰ পৰা ঢপলিয়াই আহিল মাতৃ চুনু দাস - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 11:02 PM IST

LOK SABHA ELECTION 2024
মাজুলীৰ পৰা ঢপলিয়াই আহিল চুনু দাস

লুৰীণজ্যোতি গগৈক একাঁজলি আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা ঢপলিয়াই আহিল মাতৃ চুনু দাস ৷ মাজুলীৰ আউনীআটীৰ আলিমূৰ গাঁৱৰ এইগৰাকী আইমাতৃ চুনু দাসে লুৰীণজ্যোতি গগৈক দিছিল পুত্ৰৰ মৰ্যদা ৷

লুৰীণজ্যোতি গগৈক আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা আহিল মাতৃ চুনু দাস

ডিব্ৰুগড়, 7 এপ্ৰিল : সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোতে নিজৰ বাকপটুতা আৰু জাতিৰ প্ৰতি দেখুওৱা ভালপোৱাৰ বাবে অসমবাসীৰ হৃদয় জিনিছিল লুৰীণজ্যোতি গগৈয়ে ৷ লুৰীণজ্যোতি গগৈ বহুতৰ বাবে হৈ পৰিছিল এটা আবেগৰ নাম ৷ 'কা' বিৰোধী আন্দোলনৰ পাচতে ৰাজনৈতিকভাৱে নিজৰ সমাজ জীৱন আৰম্ভ কৰাৰ বাবে চকুলো টুকি সদৌ অসম ছাত্ৰ সন্ধাৰ মজিয়া এৰি তেওঁ দায়িত্ব ল'লে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৷

কথাৰে-কামেৰে বহু অসমীয়াৰ হৃদয় জিনিব পৰা লুৰীণজ্যোতি গগৈ এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৷ বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰাজনৈতিক যুঁজত নামিছে লুৰীণজ্যোতি গগৈ ৷ তাৰ বাবে এতিয়া লোকসভা সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নেতাজন ৷

তাৰ মাজতে ৰাজনৈতিক যুঁজত ব্যস্ত লুৰীণজ্যোতি গগৈক একাঁজলি আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা ঢপলিয়াই আহিল মাতৃ চুনু দাস ৷ পৃথিৱীৰ আটাইতকৈ নিঃস্বাৰ্থ আৰু পৱিত্ৰ সম্পৰ্কটিয়েই হৈছে মাতৃ-পুত্ৰৰ সম্পৰ্ক ৷ লুৰীণজ্যোতি গগৈৰ জন্মদাত্ৰী মাতৃৰ বিয়োগৰ পাচত মাজুলীৰ আউনীআটীৰ আলিমূৰ গাঁৱৰ এইগৰাকী আইমাতৃ চুনু দাসে লুৰীণজ্যোতি গগৈক দিছিল পুত্ৰৰ মৰ্যদা ৷ সেয়েহে ৰাজনৈতিক ৰণ ক্ষেত্ৰত ব্যস্ত থকা পুত্ৰক আশীৰ্বাদ দিবলৈ মাজুলীৰ পৰা ঢপলিয়াই আহিল তেওঁ ৷ মৰাণত লুৰীণৰ প্ৰচাৰ সভাত উপস্থিত থাকিল মাতৃ ৷ পুত্ৰৰ ভাষণ কাষৰ পৰা শুনিলে মাতৃয়ে ৷ তেওঁ ক'লে- "মই আৰ্শীবাদ দিবলৈ আহিছো, ৰাইজৰ উৎসাহ দেখি ভাল লাগিছে ৷"

উল্লেখ্য যে, লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগ ঘটাৰ পিচত নিজৰ পুত্ৰ বুলি কৈ পোষ্টাৰ লগাই থকা এটা ভিডিঅ' ভাইৰেল হৈছিল মাজুলীৰ চুনু দাসৰ ৷ যিটো ভিডিঅ' দেখি মহিল‍গৰাকীক মাত লগাবলৈ গৈছিল লুৰীণজ্যোতি গগৈ ৷ নিজৰ পুত্ৰজ্ঞান কৰা লুৰীণজ্যোতি গগৈক চকুৰ সন্মুখত দেখা পাই আৱেগিক হৈ বুকুত সাৱটি লৈছিল মহিলাগৰাকীয়ে ৷ তেওঁ কৈছিল -' তোমাৰ মা নাই, আজিৰে পৰা ময়েই তোমাৰ মা ৷ মোক মা বুলি মাতিবা ৷'

লগতে পঢ়ক : কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’লে লুৰীণজ্যোতি গগৈক মন্ত্ৰিত্ব দিয়াৰ আহ্বান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.