ETV Bharat / state

বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ মাতৃ-পুত্ৰ - HSLC Result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 7:39 PM IST

Updated : Apr 20, 2024, 7:58 PM IST

Mother and son excel in HSLC
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাই প্ৰাচীৰ হিচাপ থিয় দিব নোৱাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে উত্তীৰ্ণ মাতৃ-পুত্ৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

বিশ্বনাথ, ২০ এপ্ৰিল: আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । এই সাফল্য়ৰ সমান্তৰালভাৱে বিশ্বনাথত আন দুগৰাকী পৰীক্ষাৰ্থীৰ ফলাফলক লৈয়ো ৰাইজৰ মাজত বিশেষ চৰ্চা হৈছে । এই দুই পৰীক্ষাৰ্থীয়ে বিশেষ স্থান লাভ কৰা নাই যদিও তেওঁলোকে আন এক কাৰণতহে চৰ্চালৈ আহিছে । আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ । পুত্ৰ মুছাৰফ আলম প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৩৪ বছৰীয়া মাতৃ উলফা বেগমে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাই প্ৰাচীৰ হিচাপ থিয় দিব নোৱাৰে সেই কথা আজি পুনৰ প্ৰমান কৰিলে বিশ্বনাথৰ উলফা বেগম নামৰ মহিলাগৰাকীয়ে । এই সাফল্য় অৰ্জনৰ পিচতেই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিবলৈ ঘৰত ভিৰ কৰেহি গাঁৱৰ ৰাইজে । মাতৃ আৰু পুত্ৰই একেলগে পঢ়া শুনা কৰিছিল । একেখন কিতাপকে মাতৃ আৰু পুত্ৰই পঢ়িছিল । নৱম শ্ৰেণীত অধ্য়য়ন কৰি থাকোতেই উলফা বেগম বিবাহপাশত আৱদ্ধ হোৱা বাবে পঢ়া সিমানতেই অন্ত পঢ়ে । অৱশ্য়ে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে মনতে আশা পুহি ৰাখিছিল । সেয়েহে তেওঁ নৱম শ্ৰেণীত পুনৰ নাম পঞ্জীয়ন কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । তেওঁ উচ্চতৰ মাধ্য়মিকতো শিক্ষাগ্ৰহণৰ ইচ্ছা পুহি ৰাখিছে ।

পুত্ৰ মুছাৰফে দৈনিক ৬ ঘণ্টাকৈ অধ্য়য়ন কৰিছিল যদিও ঘৰুৱা কামকাজৰ পিচত মাতৃয়ে যিকণ সময় পাইছিল সেই সময়খিনিৰ সদব্যৱহাৰ কৰি অধ্যয়ন কৰা বুলি কয় উলফা বেগমে । আজি তেওঁলোকৰ এই সাফল্য়ই বিশ্বনাথৰ ছোৱাগুৰি গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক:হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান বিশ্বনাথৰ ঝৰ্ণা শইকীয়াৰ - HSLC Result 2024হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান বিশ্বনাথৰ ঝৰ্ণা শইকীয়াৰ - HSLC Result 2024

Last Updated :Apr 20, 2024, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.