ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান বিশ্বনাথৰ ঝৰ্ণা শইকীয়াৰ - HSLC Result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 11:31 AM IST

Updated : Apr 20, 2024, 1:39 PM IST

HSLC Result 2024
বিশ্বনাথৰ ঝৰ্ণা শইকীয়া

HSLC Result 2024: ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিছে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই ৷ ঝৰ্ণাই মুঠ ৫৯০ নম্বৰ লাভ কৰি সমগ্ৰ বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

বিশ্বনাথৰ ঝৰ্ণা শইকীয়া

বিশ্বনাথ ২০ এপ্ৰিল: ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই ৷ বিশ্বনাথ চাৰিআলি শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণাই এইবাৰ শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯০ নম্বৰ লাভ কৰে ৷ ঝৰ্ণাৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লোক, আত্মীয়, শিক্ষাগুৰুৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷

ঝৰ্ণাৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাচতেই বিশ্বনাথ চাৰিআলি শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ লগতে তেওঁৰ বাসগৃহত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইফালে পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্টি ব্যক্ত কৰিছে ঝৰ্ণাই ৷ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও ছাত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ তেওঁ বিদ্যালয়ৰ আন-আন ছাত্ৰ-ছাত্ৰীসকলেও এই সাফল্যৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা ব্যক্ত কৰে ৷

বিধায়ক বৰঠাকুৰে লগতে বিশ্বনাথ চাৰিআলি শংকৰদেৱৰ শিশু বিদ্যা নিকেতনে শিক্ষাৰ ক্ষেত্ৰত বিশ্বনাথ জিলাবাসীৰ মাজত পোহৰ বিলাব পাৰে তাৰেই আশা ব্যক্ত কৰে ৷ উল্লেখ্য যে, আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী । ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী ।

ইয়াৰ লগতে পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ । ডিষ্টিংছন লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে ৷ আনহাতে প্ৰথম বিভাগত ১,০৫,৮৭৩ গৰাকী, দ্বিতীয় বিভাগত ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত ৬০,৬৮০ গৰাকী উত্তীৰ্ণ হৈছে ৷ লেটাৰ মাৰ্ক লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

লগতে পঢ়ক: 10 বজাৰ লগে লগে ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC result 2024

Last Updated :Apr 20, 2024, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.