ETV Bharat / state

আছুক অসম চুক্তি বাতিলৰ আহ্বান ৰমাকান্ত দেউৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 1:18 PM IST

Rama Kanta Dewri slams AASU
আছুক অসম চুক্তি বাতিলৰ আহ্বান ৰমাকান্ত দেউৰীৰ

Rama Kanta Dewri slams AASU: বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এইবাৰ আছুক অসম চুক্তি বাতিল কৰিবলৈ আহ্বান জনালে । ১৯৫১ চনৰ পৰিৱৰ্তে আছুক কোনে ১৯৭১ চনটো মানি অসম চুক্তি কৰাৰ ঠিকা দিছিল ? নগাঁৱত এইবাৰ প্ৰদ্যুৎ বৰদলৈ জয়ী হ'ব নোৱাৰে বুলি দেউৰীৰ দাবী ।

আছুক অসম চুক্তি বাতিলৰ আহ্বান ৰমাকান্ত দেউৰীৰ

মৰিগাঁও, ১৪ মাৰ্চ : ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই চিএএ-ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে সংগঠনটোক উভতি ধৰিলে । আছুক নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে সমগ্ৰ ভাৰতত বিদেশী বিতাড়নৰ বাবে ১৯৫১ চনটো উল্লেখ কৰাৰ বিপৰীতে আছুক কোনে ১৯৭১ চনটো মানি অসম চুক্তি কৰাৰ ঠিকা দিছিল ? আছুক প্ৰথমে অসম চুক্তি বাতিল কৰিবলৈ আহ্বান কৰি তাৰ পিচত চিএএ-ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ৰমাকান্ত দেউৰীয়ে আহ্বান জনায় ।

ৰাজ্যজুৰি ৩০ৰো অধিক সংগঠনৰ সহযোগত আছুৱে চিএএ-ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মৰিগাঁৱৰ বিধায়কগৰাকীৰ এনে মন্তব্যই নিশ্চিতভাৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে । কংগ্ৰেছ দলে পুনৰ নগাঁও সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত ৰমাকান্ত দেউৰীয়ে কয় যে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিগত ৫ বছৰীয়া কাৰ্যকালত সমষ্টিটোত একোৱে নকৰিলে । আনকি বানপানীৰ সময়তো ৰাইজৰ ওচৰত তেওঁ উপস্থিত নথকাৰ অভিযোগ দেউৰীৰ । সেয়ে এইবাৰ নগাঁও লোকসভা সমষ্টিত বৰদলৈ জয়ী হ'ব নোৱাৰে বুলি দাবী কৰে ৰমাকান্ত দেউৰীয়ে ।

উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী সুৰজ পৰ্টেল উন্মোচন অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয় । য'ত একাংশ হিতাধিকাৰী মহিলাক লাখপতি বাইদেউ আঁচনিৰ অধীনত চেক আৰু আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি ৰমাকান্ত দেউৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আঁচনিবোৰৰ প্ৰশংসা কৰে ।

অনুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে বাল্যবিবাহ আৰু মাদক দ্ৰব্য সেৱন সন্দৰ্ভত মহিলাসকলক সজাগ হোৱাৰ আহ্বান জনায় । এই অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলী, সামাজিক ন্যায় আৰু মহিলা সৱলীকৰণ বিভাগৰ সঞ্চালককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :অসমৰ ভূমিপুত্ৰৰ স্বাৰ্থত এবছুৱে চিএএ-ৰ বিৰোধিতা কৰি যাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.