ETV Bharat / state

নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 12:18 PM IST

Market of Kaji Nemu : নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান গুটিহীন কাজি নেমুৰ জৰিয়তে প্ৰগতিশীল কৃষক হোৱাৰ সপোন পুহি ৰখা মৰিগাঁৱৰ যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাৰ ৷ মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কাজি নেমুক অসমৰ জাতীয় ফল তথা টেঙাৰূপে ঘোষণা কৰা হৈছিল ৷

নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ
নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ

নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ

মৰিগাঁও, 14 ফেব্ৰুৱাৰী: মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কাজি নেমুক অসমৰ জাতীয় ফল তথা টেঙাৰূপে ঘোষণা কৰাৰ পিচতে কাজি নেমুৰ খেতিয়কসকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে । নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বুলি সংবাদ মাধ্যমৰ আগত কয় মৰিগাঁৱৰ প্ৰগতিশীল যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাই ।

মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষকজন কৃষি বিভাগৰ দ্বাৰা পুৰস্কাৰ প্ৰাপ্ত এগৰাকী উদ্যান খেতিয়ক । বিশেষকৈ গুটিহীন কাজি নেমুৰ জৰিয়তে এইজন প্ৰভাকৰ পোণা ডেকাই প্ৰতিষ্ঠিত তথা প্ৰগতিশীল কৃষক হোৱাৰ সপোন পুহি ৰাখিছে ।

হেক্টৰ হেক্টৰ ভূমিত ডেকাই নেমু খেতি কৰে । লমা লমে বছৰৰ বাৰ মাহে ডাল ভৰি লাগি থাকে বীজহীন কাজি নেমু । তেওঁৰ কৃষি ভূমিখনৰ যেনিয়েই চাই তেনিয়েই চকুত পৰে লমালমে লাগি থকা নেমু । এক কথাত ক’বলৈ গ’লে বজাৰত বিক্ৰী কৰি অন্ত কৰিব নোৱাৰে তেওঁ উৎপাদিত নেমু । ফলত সৰি গেলি পচি গৈছে অসমৰ নতুনকৈ স্বীকৃত জাতীয় ফল বিধ ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ কাজী নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি দিয়া হৈছে ৷ বজাৰৰ অভাৱত নেমু বাৰীতে তল সৰি গেলি পছি যোৱাৰ ফলত লাভটো বাদেই মূলধনটো উলিয়াবলৈ অপাৰগ হয় নেমু খেতিয়ক প্ৰভাকৰ পোণা ডেকাই ৷ সেয়ে এই সময়ত নেমুৰ বজাৰ এখন সৃষ্টি কৰিবলৈ আহ্বান জনায় ।

দেশৰ কৃষিখণ্ডত বিশেষ অৰিহণা আগবঢ়োৱা নেমুৰ বাবে হাট বজাৰ সৃষ্টিৰ বিষয়টোত মনোযোগ দি ৰাজ্যৰ নেমু খেতিয়কসকলক উৎসাহিত কৰাৰ বাবে আহবান জনায় ।

লগতে পঢ়ক : কাজিনেমুক অসমৰ জাতীয় ফল ঘোষণা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.