ETV Bharat / state

সুদৰ ধন ঘূৰাই নিদিয়াৰ বাবেই মধ্যবয়সীয়া মহিলা বনকৰা হিচাপে ৰাখিলে সুদখোৰে

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 11:05 AM IST

Updated : Mar 7, 2024, 12:44 PM IST

Illegal Money lender: সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে চৰাইদেউৰ সাপেখাতীত পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড । সুদত দিয়া ধন ঘূৰাই নোপোৱাৰ বাবেই ৫ মাহে বনকৰা মহিলা হিচাপে ৰাখিলে সুদখোৰে । পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ।

Threatening of illegal money lenders
সুদৰ ধন ঘূৰাই নিদিয়াৰ বাবেই বনকৰা মহিলা হিচাপে ৰাখিলে সুদখোৰে

সুদৰ ধন ঘূৰাই নিদিয়াৰ বাবেই বনকৰা মহিলা হিচাপে ৰাখিলে সুদখোৰে

চৰাইদেউ, ৭ মাৰ্চ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিছে যদিও সুদখোৰৰ আতংক, ভয়-ভাবুকি, ব্লেকমেইলিং বৰ্তমানো অব্যাহত আছে । সুদখোৰৰ আতংকত কেইবাজনে চৰম পন্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা হৈছে ।

এইবাৰ সুদখোৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড । বাল্য বিবাহৰ পাছত সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লোৱাৰ পাচতেই ৰাজ্যজুৰি অভিযান অব্যাহত থকাৰ সময়ত, চৰাইদেউৰ সাপেখাতীত সুদখোৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ৷ সুদলৈ লোৱা ধন ঘূৰাই দিব নোৱাৰাৰ বাবে এগৰাকী ৫০ বছৰীয়া মহিলাক প্ৰায় ৫ মাহে বনকৰ্মী হিচাপে ৰাখি থ'লে সুদখোৰে ।

সাপেখাতীৰ গোবিন্দপুৰ অঞ্চলৰ ৰত্না দে' নামৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি সুদত টকা দিয়া অবৈধ বেহা মেলাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে লক্ষী দে'ৰ পুত্ৰ উত্তম দে'য়ে কেইবাবছৰ পূৰ্বে ৰত্না দে' নামৰ মহিলাগৰাকীৰ পৰা ৬০ হাজাৰ টকা সুদত লৈছিল ৷ উক্ত ধনৰাশিৰ সুদ আৰু মূলধন ঘূৰাই দিব নোৱাৰাত দৰিদ্ৰ পৰিয়ালটিৰ ওপৰত ৰত্না দে'ৰ পৰিয়ালে চলাই আহিছে নিৰ্যাতন ।

পিছে নিৰ্যাতনৰ চূড়ান্ত সীমা অতিক্ৰম কৰি এইবাৰ বনকৰ্মী হিচাপে লৈ যায় পৰিয়ালটোৰ মহিলাগৰাকীক । যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত । ভুক্তভোগী পৰিয়ালটিয়ে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি শীঘ্ৰে মহিলাগৰাকীক ওভতাই আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে । আনহাতে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই চৰাইদেউ জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ।

লগতে পঢ়ক : ৰহাত মহিলা সুদখোৰক আটক

Last Updated : Mar 7, 2024, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.