ETV Bharat / state

মোদী মুখাই আকৰ্ষণ কৰিছে ফাকুৱাৰ গ্ৰাহকক - HOLI Market

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 1:48 PM IST

Holi 2024 : ফাকুৱাক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে চৌদিশে । ফাকুৱাৰ বজাৰত এইবাৰ অন্যতম আকর্ষণ হৈছে মোদী মুখা, ভূতৰ মুখা, বাঘৰ মুখাৰ লগতে বিভিন্ন প্ৰকাৰৰ মুখা, ৰং-বিৰঙী চুলি, ভিন্ন আকৃতিৰ পিচকাৰী ।

Modi mask gained traction in Holi market in Guwahati
মোদী মুখাৰ আকৰ্ষণ কৰিছে ফাকুৱাৰ গ্ৰাহকক

মোদী মুখাৰ আকৰ্ষণ কৰিছে ফাকুৱাৰ গ্ৰাহকক

গুৱাহাটী, ২৪ মাৰ্চ : এয়া আবিৰৰে দেহ-মন ৰঙীণ কৰাৰ সময় । এয়া ফাকুৱাৰ বতৰ । ফাকুৱাক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দেশতে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতো ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।

ৰঙৰ উৎসৱ ফাকুৱাক লৈ গুৱাহাটী মহানগৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । ৰং-বিৰঙী আবিৰ, পিচকাৰী, ভিন্ন আকৃতিৰ মুখাৰে, গণেশগুৰি, পল্টন বজাৰ, মালিগাঁও, ছয়মাইল, চানমাৰিকে কৰি বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ উভৈনদী হৈ পৰিছে ।

ব্যৱসায়ীসকলে বিভিন্ন ফাকুৱাৰ সামগ্ৰীৰে বজাৰ ওপচাই পেলোৱাৰ লগতে ক্রেতাক আকর্ষিত কৰিবলৈ বিভিন্ন চেষ্টা চলোৱা পৰিলকক্ষিত হৈছে । ফাকুৱাৰ বজাৰত এইবাৰ অন্যতম আকর্ষণৰ কেন্দ্ৰ হৈছে মোদী মুখা, ভূতৰ মুখা, বাঘৰ মুখাৰ লগতে বিভিন্ন প্ৰকাৰৰ মুখা, ৰং-বিৰঙী চুলি, ভিন্ন আকৃতিৰ পিচকাৰী আদি ।

কানপুৰ, দিল্লী, কলকাতাৰপৰা অহা ব্যৱসায়ীসকলে প্রতি কিলোগ্রাম ফাকুগুড়ি ২৫০-৪৫০ টকাকৈ বিক্রী কৰিছে । আনহাতে, হাৰবেল ফাকুবোৰ প্ৰতি পেকেট ৫০ টকাৰ পৰা ১০০ টকা পর্যন্ত বিক্রী হৈছে । ইফালে, পিচকাৰী ১০০-৭০০ টকা, টি-চাৰ্ট ১৫০ টকা , কুৰ্টা ৩৫০, মুখা ৭০ টকাৰ পৰা ১৫০ টকা, পাগুৰি ১০০-২০০টকা পর্যন্ত বিক্রী হৈছে ।

এই সামগ্রীবোৰ দিল্লী, কলকাতা, গুজৰাটৰ পৰা আহিছে বুলি জানিব পৰা গৈছে । ব্যৱসায়ীসকলে জনোৱা মতে এইবাৰ ফাকুৱাৰ বজাৰত হাৰবেল আবিৰ, মোদী মুখাকে ধৰি ভিন্ন প্ৰকাৰৰ মুখা, ৰং-বিৰঙী চুলি, পিচকাৰী, টি-চাৰ্ট আদিৰ চাহিদা বৃদ্ধি পাইছে ।

বতৰে বাধা দিলেও বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । এক কথাত ক'বলৈ গ'লে মহানগৰীৰ চৌদিশে এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ ।

লগতে পঢ়ক : হোলীৰ ৰঙৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ? - Holi Colors

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.