ETV Bharat / state

সদনত হূলস্থূল কৰাৰ বাবে নিলম্বিত বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 1:05 PM IST

Updated : Feb 23, 2024, 1:14 PM IST

সদনৰ পৰা নিলম্বন দুই বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইন
সদনৰ পৰা নিলম্বন দুই বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইন

Assam Assembly Session 2024 : শুকুৰবাৰে অসম বিধানসভাৰ একাদশ দিনটোত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইনক সদনৰ পৰা নিলম্বন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

নিলম্বনৰ পিছত শ্বেৰমান আলীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ শুকুৰবাৰে একাদশ দিন । বিগত দিনকেইটাৰ দৰে শুকুৰবাৰেও বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজেৰে আৰম্ভ হয় বিধানসভাৰ অধিবেশন । তাৰ মাজতে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে শুকুৰবাৰে বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইনক সদনৰ পৰা নিলম্বন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

ইফালে নিলম্বনৰ পিচত সদনৰ বাহিৰত বিধানসভা চৌহদত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে । শ্বেৰমান আলীয়ে সাংবাদিকৰ আগত এখন সংবাদ পত্ৰত প্ৰকাশিত এটা বাতৰিৰ উদ্ধৃতি দি কয় যে বাঘবৰত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই । তেওঁ আৰু কয় বাঘবৰ‌ আৰু চেঙা সমষ্টিৰ ৩৩ খন স্কুল বৰ্তমান এজনকৈ শিক্ষকেৰে চলি আছে ।

আনহাতে, বাঘবৰৰ বহু বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ বৰ্তমান অনুপাত ১৫১:১ । ইয়াৰ বিপৰীতে চেঙা সমষ্টিৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ অনুপাত ১৬:১১ বুলি উল্লেখ কৰে । তেওঁ কয় যে বিধানসভাত তেওঁ দাবী কৰিছিল যে জিলা ভিত্তিত ছাত্ৰ-শিক্ষকৰ অনুপাত ঠিক কৰিব লাগে । সেয়া হৈছে ৮০:১ । এই ক্ষেত্ৰত বৰপেটা জিলাৰ জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ কোনো গুৰুত্ব নাই বুলি তেওঁ অভিযোগ কৰে ।

শ্বেৰমান আলীয়ে লগতে কয় যে ৰাজ্যত শিক্ষকৰ অভাৱ নাই । কিন্তু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুযায়ী শিক্ষক নিয়োগ কৰা হোৱা নাই । বিধানসভাত এই বিষয়ত প্ৰশ্ন কৰাৰ বাবেই অধ্যক্ষই তেওঁক নিলম্বন কৰা বুলি উল্লেখ কৰে বিধায়ক শ্বেৰমান আলীয়ে । অধ্যক্ষৰ এই কাৰ্যত প্ৰতিক্ৰিয়া ব্যক্তগৰাকীয়ে এয়াই গণতন্ত্ৰ নেকি বুলি প্ৰশ্ন কৰে ।

আনহাতে, এই ঘটনাত তেওঁ‌ দুখ পোৱা বুলি উল্লেখ কৰি এই কাৰ্যক গৰিহণা দিয়ে । তেওঁৰ লগতে অভিযোগ, স্কুলৰ অভাৱ আছে যদিও চৰকাৰৰ কোনো গুৰুত্ব নাই ।

আনহাতে, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে শিক্ষাৰ সমস্যাৰ বিষয় উত্থাপন কৰাৰ‌ বাবেই তেওঁলোকক নিলম্বনৰ কৰা হৈছে । এয়া অন্যায় বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰিব বিচাৰিছে ।

লগতে পঢ়ক :নগাঁও ৰাজীৱ ভৱনত কোনে আঁৰিলে অভিমন্যু বধৰ পোষ্টাৰ ?

Last Updated :Feb 23, 2024, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.