ETV Bharat / state

হঠাতেই জোনাইৰ বিভিন্ন অঞ্চল কিয় পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন পেগুৱে ! - MLA Bhubon Pegu

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:33 PM IST

MLA Bhubon Pegu :জোনাইৰ বিভিন্ন অঞ্চলত দিনজোৰা কাৰ্যসূচীৰে পৰিদৰ্শন বিধায়ক ভূৱন পেগুৰ । কিন্তু কি কাৰণে বিধায়কগৰাকী হঠাতে এনেদৰে তৎপৰ হ'ল ?

MLA Bhubon Pegu in Jonai
বিধায়ক ভূৱন পেগু (ETV BHARAT ASSAM)

জোনাই, ২৬ মে': জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁও পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে । টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ জোনাই জিলা সমিতিৰ সহযোগত বিধায়কগৰাকীয়ে এই কাৰ্যসূচী ৰূপায়ন কৰে । এই পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন সমস্য়া সম্পৰ্কে ৰাইজৰ সৈতে আলোচনা কৰাৰ লগতে এইবোৰৰ সমধানৰ বাবে ৰাজ্য় চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।

বিধায়ক ভূৱন পেগু (ETV BHARAT ASSAM)

বিধায়ক ভূৱন পেগুৱে আজি প্ৰথমে জোনাইৰ অতি পুৰণি গাঁও উজনি বিজয়পুৰত উপস্থিত হৈ গাঁওখনৰ নিচেই কাষেদি বৈ যোৱা ৰাজাখানা নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু যাতায়ত সুচলৰ বাবে দলং নিৰ্মাণৰ কাৰণে গাঁৱৰ ৰাইজৰ উপস্থিতিত আলোচনা কৰে । এইক্ষেত্ৰত তেওঁ ৰাইজৰ পৰামৰ্শও বিচাৰে । ইয়াৰ পিচতে তেওঁ উত্তৰ কাৰ্দংচুক,নামনি বালিগাঁও ,কাৰ্দং চুক,ভেকেলী ,মধ্যলক্ষীপুৰ,মেম্বাৰচুক,১ নং চিৰামপুৰীয়া আৰু গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ বিজুলী আৰু ১নং অমৰপুৰ গাঁৱৰ জৰাজীৰ্ণ ৰাস্তা ,গৰাখহনীয়া,বিদ্যালয়ৰ আন্তঃগাঁথনি আদি বিভিন্ন সমস্যাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।

উক্ত সমস্যাসমূহ বিভিন্ন আঁচনিৰ অধীনত অতি শীঘ্ৰে সমাধানৰ বাবে গাঁৱৰ ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়ক ভূৱন পেগুৱে । এই পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং, পূৱ জোনাই জিলা পৰিষদৰ প্ৰাক্তন সদস্য অটুল পেগু, সন্মিলিত গণশক্তি জোনাই জিলা সমিতিৰ সভাপতি মূলাকান্ত পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ পংকিল পাতিৰ, অমৃত কুম্বাং, নিত্যা পেগু, আগষ্ট কুটুম,এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ মুক্তিনাথ পেগু,টি এম পি কেৰ জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলেকে আদি কৰি জিলা তথা আঞ্চলিক সমিতিৰ সদস্য় আদি ।

লগতে পঢ়ক: চিচিবৰগাঁৱত সতী সাধনীৰ প্ৰতিমূৰ্ত্তি উন্মোচন বিধায়ক ভূৱন পেগুৰ - Sati Sadhani Diwas 2024

লগতে পঢ়ক: জোনাইত পথ নিৰ্মাণৰ দাবীত ক্ষুব্ধ ৰাইজে দাহ কৰিলে ভূৱন পেগু-প্ৰদান বৰুৱাৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.