ETV Bharat / state

ৰাজ্যত কোন ৭০ খন মহাবিদ্যালয়ত লাগিব তলা ?

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:57 PM IST

Updated : Feb 28, 2024, 5:22 PM IST

Minister Ranoj Pegu
শিক্ষামন্ত্ৰীৰ দাবী

Assam college Amalgamated : ৰাজ্যৰ 70 খনকৈ মহাবিদ্যালয়ত তলা ওলমোৱাৰ চৰকাৰী সিদ্ধান্তক লৈ তোলপাৰ লাগিছে ৰাজ্য ৷ এই বাতৰিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই বিষয়টো অস্বীকাৰ কৰিছে ৷

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : ৰাজ্যৰ 70 খনকৈ মহাবিদ্যালয়ত তলা ওলমোৱাৰ দিশে আগবাঢ়িছে অসম চৰকাৰ ৷ চৰকাৰৰ এই সিদ্ধান্তক লৈ যোৱা দুদিন ধৰি তোলপাৰ লাগিছে ৰাজ্য ৷ এসময়ত আমাৰ পূৰ্বপুৰুষ সকলে দান-বৰঙণি দি উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত বহু বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰিছিল ৷ কিন্তু হাজাৰ-হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পাচত এইবাৰ অসমত বন্ধ হ’ব মহাবিদ্যালয় ৷ শিক্ষাৰ্থীৰ নামভৰ্তিৰ হাৰ কম হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে একাংশ ঐতিহ্যমণ্ডিত চৰকাৰী মহাবিদ্যালয়কে ধৰি মুঠ 70 খন মহাবিদ্যালয় বন্ধ কৰাৰ দিশে আগবাঢ়িছে ৷

ইমান বৃহৎ সংখ্যক প্ৰাদেশীকৃত মহাবিদ্যালয় বন্ধ কৰিবলৈ লোৱা পৰিকল্পনাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ নতুন শিক্ষা নীতিৰ 10.1 নং দফা অনুসৰি 3000 শিক্ষার্থী নথকা মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ পোষকতা কৰা হৈছে ৷ ইয়াৰ ভিত্তিতে অসম চৰকাৰে প্ৰাথমিকভাৱে এতিয়া ন্যূনতম 500 জনতকৈ কম শিক্ষার্থী থকা মহাবিদ্যালয়সমূহত চিৰদিনৰ বাবে তলা ওলোমোৱাৰ পৰিকল্পনা কৰিছে ৷ উচ্চ শিক্ষা সঞ্চালকালয়ে কম ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰাৰ অজুহাতেৰে এই 70 খন মহাবিদ্যালয় বন্ধ কৰি দিয়াৰ পৰিকল্পনা হাতত লৈছে ৷ 24 ফেব্ৰুৱাৰীত দিছপুৰত উচ্চ শিক্ষা বিভাগে 500 তকৈ কম শিক্ষাৰ্থী থকা ৰাজ্যৰ 70 খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় গভৰ্ণিং বডীৰ সভাপতি সকলৰ লগত এখন বৈঠকো অনুষ্ঠিত কৰিছে ৷ এই বৈঠকৰ নিৰ্দেশনা এই মুহূৰ্তলৈ গোপনে ৰাখিছে ৰাজ্য চৰকাৰে ৷

আনহাতে 70 খন মহাবিদ্যলয় বন্ধ কৰাৰ পৰিকল্পনাৰ বাতৰিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই বিষয়টো অস্বীকাৰ কৰিছে ৷ সামাজিক মাধ্যমযোগে শিক্ষমন্ত্ৰী পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- “কলেজ একত্ৰীকৰণৰ বাতৰিৰ প্ৰতি সঁহাৰি জনাই মই ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিওঁ যে কম নামভৰ্তিৰ কলেজসমূহক একত্ৰিত কৰাৰ কোনো পদক্ষেপ এতিয়া নাই ৷ কম নামভৰ্তি থকা মহাবিদ্যালয়সমূহত নামভৰ্তি বৃদ্ধিৰ বাবে আমি প্ৰচেষ্টা চলাইছো ৷” কিন্তু ইতিমধ্যেই ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰথম পর্যায়ত একত্ৰীকৰণৰ জৰিয়তে 500 তকৈ কম শিক্ষাৰ্থী থকা অসমত বন্ধ কৰিবলগীয়া 70 খন মহাবিদ্যালয় নিৰ্বাচন কৰি উলিয়াইছে ৷

এই 70 খন মহাবিদ্যালয় হৈছে ক্ৰমে- আগিয়া কলেজ, আলহাজ সোনাই বিবিচৌধুৰী কলেজ, বামুন্দী মহাবিদ্যালয়, বৰপেটা বঙাইগাঁও কলেজ, বৰপেটা গার্লছ কলেজ, বৰহাট বি পি বি মেমৰিয়েল কলেজ, ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজ, বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা কলেজ, চমৰীয়া আঞ্চলিক কলেজ, চিনামৰা কলেজ, কোকৰাঝাৰ কমার্চ কলেজ, দলগাঁও আঞ্চলিক কলেজ, ধেমাজি গার্লছ কলেজ, দিখৌমুখ কলেজ, ড৹ এন বি কলেজ, দুলীয়াজান গার্লছ কলেজ, তামুলীছিগা ঘনকান্ত কলেজ, গোলাঘাট পূৰ্বাঞ্চলিক কলেজ, ডেইথৰৰ চৰকাৰী মডেল কলেজ, বৰখলাৰ চৰকাৰী মডেল কলেজ, কাজিৰঙা চৰকাৰী মডেল কলেজ, নিতাইপুখুৰীৰ এইচ চি ডি জি কলেজ, হাৰ্হি কলেজ, জে এইচ এন এছ কলেজ, যমুনামুখ কলেজ, জনপ্ৰিয় কলেজ, মধ্য কামপীঠ কলেজ, গোলাঘাটৰ মৰঙি মহাবিদ্যালয়, মেলামৰা কলেজ, মহেন্দ্ৰ কুমাৰ দে' কলেজ, মৰাণ কমার্চ কলেজ, মৰিয়নী কলেজ, নকচাৰী কলেজ, নামৰূপ কলেজ, তিনিচুকীয়াৰ কাকপথাৰৰ পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী মডেল কলেজ, আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়, বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়, এৰালিগুলৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়, পানীগাঁও অ'পি ডি কলেজ, পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় ৷

লগতে কাটলিছেৰাৰ পি ডি ইউ এ এম, খোৱাঙৰ পিথুবৰ গাৰ্লছ ডিগ্ৰী কলেজ, পূব মাজুলী কলেজ, পূব ডিক্ৰং কলেজ, ৰামপুৰ আঞ্চলিক কলেজ, বঙাচাহী কলেজ, চাৰিঙৰ এছ এম ডি কলেজ, নামতিৰ এছ পি পি কলেজ, চেপাখাটী কলেজ, কালিনগৰৰ সাৰদা চৰণ দে' কলেজ, সতীন্দ্ৰ মোহন কলেজ, শিল্পচৰ কলেজ, জীয়াঢল কলেজ, কামাখ্যাৰাম বৰুৱা গার্লছ কলেজ, কমাৰবন্ধা কলেজ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত কলেজ, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়, লিডু কলেজ, লুইতপৰীয়া কলেজ, মাছখোৱা ডিগ্ৰী কলেজ, চিচিবৰগাঁও কলেজ, সোণাৰি কমার্চ কলেজ, স্বামী বিবেকানন্দ কলেজ, স্বামী যোগানন্দগিৰি কলেজ, তেলাহী তুৱাৰাম দাস কলেজ, টেঙাখাত কলেজ, ইউ এম কে কলেজ, উত্তৰ বৰপেটা কলেজ আৰু উত্তৰ কামপীঠ কলেজ ৷

মনকৰিবলগীয়া যে অসম চৰকাৰে বন্ধ কৰিবলৈ ওলোৱা 500 তকৈ কম শিক্ষাৰ্থী থকা 70 খন মহাবিদ্যালয়ৰ ভিতৰত চৰকাৰে উদ্যোগ লৈ স্থাপন কৰা 3 খন দীনদয়াল উপাধ্যায়ৰ নামত নিৰ্মাণ কৰা মহাবিদ্যালয়ো আছে ৷ এই তিনিখন দীনদয়াল মহাবিদ্যালয় হ’’ল- 1) পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, আমজঙা, 2) পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী, 3) পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, ইৰালিগুল ৷ ইয়াৰ উপৰিও এই 70 খনৰ ভিতৰত 4 খন চৰকাৰী মডেল কলেজ আছে ৷ চৰকাৰী মডেল কলেজ কেইখন হ’ল- দেইথৰ, বৰখলা, কাজিৰঙা আৰু কাকপথাৰ ৷ এই আটাইকেইখন মহাবিদ্যালয়ৰে বৃহৎ চৰকাৰী ধনেৰে নিৰ্মাণ কৰা বৃহৎ অত্যাধুনিক বিল্ডিং, আন্তঃগাঁথনি আছে ৷ মাত্ৰ কিছু দিন পূৰ্বেহে নিৰ্মাণ কৰা হৈছিল এই মহাবিদ্যালয়সমূহ ৷

এই বিষয়ত সদৌ অসম ছাত্ৰ সন্থাই আশ্বর্য প্ৰকাশ কৰি এনে সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে তীব্ৰ বিৰোধিতা কৰিছে ৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা বিবৃতিত কয়-অসম চৰকাৰে এটাৰ পিচত আনটো শিক্ষা ব্যৱস্থাৰ মাধমাৰ শোধোৱাৰ সিদ্ধান্ত লৈ আহিছে ৷ প্ৰথমে বিদ্যালয় একত্ৰীকৰণৰ নামত অসমৰ 8000 খন ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰিলে ৷ এতিয়া প্ৰায় 70 খন মহাবিদ্যালয় বন্ধ কৰিব বিচাৰিছে ৷ যি সময়ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে সেই সময়ত কলেজ বন্ধৰ সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ লগতে অসম চৰকাৰে কলেজ বন্ধ কৰাৰ পৰিবৰ্তে কলেজ সমূহৰ আন্তঃগাঁথনি আধুনিক সা-সুবিধাৰে সজাই তোলক বুলি দাবী ছাত্ৰ সংগঠনটোৰ ৷ নতুন নতুন বিষয় সময়োপযোগীকৈ প্ৰৱর্তনৰ লগতে খালী হৈ থকা শিক্ষক, কর্মচাৰীৰ পদবোৰ পূৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতলৈ চাইহে চৰকাৰক সিদ্ধান্ত ল’বলৈ আহ্বান আছুৰ ৷

লগতে পঢ়ক : একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

Last Updated :Feb 28, 2024, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.