ETV Bharat / state

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ বিজেপিত যোগদান - BJP joining program

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:02 PM IST

BJP joining program
তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ বিজেপিত যোগদান

BJP joining program : লোকসভা নিৰ্বাচনত ব্যাপক তৎপৰতাৰ মাজতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু জাতীয় সংগঠনৰ কেইবাজনো সক্ৰিয় বিষয়ববীয়াই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ বিজেপিত যোগদান

মৰাণ, 26 মাৰ্চ : সন্মুখত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনত ব্যাপক তৎপৰতাৰ মাজতে ইয়াৰ মাজতে কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ মঙলবাৰে তিনিচুকীয়া কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, জ্যেষ্ঠ কংগ্ৰেছ মহেশ মৰাণ আৰু থমাছ বৰুৱাই কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিচতে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই যোগদান কৰে বিজেপিত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্ৰ দাখিলৰ দিনাই বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিয়লি কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু জাতীয় সংগঠনৰ কেইবাজনো সক্ৰিয় বিষয়ববীয়াই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা ধৰণী গোহাঁই, প্ৰাক্তন সম্পাদক সত্যজিত বৰুৱা, উপ-সভাপতি দিগন্ত দুৱৰা, সদস্য সত্যজিৎ ফুকন, মানৱজ্যোতি গগৈ, লক্ষীনাৰায়ণ চেতিয়া, ৰূপক দাস, মৰান ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিৰিঞ্চি নেওগসহ কেইবাজনো কৰ্মীয়ে যোগদান কৰে ।

ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কয় যে, ৰাজ্যত অতি কম দিনৰ ভিতৰত কংগ্ৰেছ শূণ্য হ'বলৈ গৈ আছে । নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাচত ৰাজীৱ ভৱনৰ অফিচত ৰুম থাকিব কিন্তু ৰুমত বহিবলৈ মানুহে নাথাকিব বুলি দাবী কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.