ETV Bharat / state

ছেবাৰ নিয়ন্ত্ৰণত অন্তিম মেট্ৰিক পৰীক্ষা: মাৰ্কশ্বীটেই হ’ব চাৰ্টিফিকেট - HSLC Result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 3:56 PM IST

HSLC RESULT 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ছেবা কৰ্তৃপক্ষ

ছেবাৰ নিয়ন্ত্ৰণত শেষৰটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ’ল শনিবাৰে ৷ এইবেলি শীৰ্ষ স্থানপ্ৰাপকৰ নাম ঘোষণা নকৰিলে ছেবাই ৷ আনহাতে এইবাৰৰ পৰীক্ষাৰ কোনো প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়, নম্বৰ তালিকাখনেই প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা হ’ব ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ছেবা কৰ্তৃপক্ষ

গুৱাহাটী, 20 এপ্ৰিল : পূৰ্বৰ তুলনাত এইবাৰৰ মেট্ৰিক পৰীক্ষাটো যেন আছিল কিছু বিশেষ ৷ কিয়নো এইবেলি অনুষ্ঠিত হৈছে ছেবাৰ ইতিহাসৰ অন্তিমটো মেট্ৰিক পৰীক্ষা ৷ শনিবাৰে পুৱা ফলাফল ঘোষণাৰ পিচতে ছেবাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে সচিব এন এন নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই ৷

ছেবাৰ বিষয়া দুগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, এই বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ৪,১৯,০৭৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩,১৭,৩১৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয় ৷ মুঠ প্ৰাৰ্থীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭ শতাংশ ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আৰু তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ ৷ তদুপৰি পূৰ্বৰ পৰীক্ষাৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণৰ হাৰ ৷

অতিকৈ উদ্বেগ প্ৰকাশ কৰি ছেবা কৰ্তৃপক্ষই কয় যে, পৰীক্ষাৰ্থীসকলৰ অধিকাংশৰে মাতৃভাষা বিষয়ত প্ৰদৰ্শন অতিকৈ বেয়া ৷ যাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ছেবাই ৷ উল্লেখ্য যে, এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাৰ্কশ্বীট খনেই হ’ব উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ৷

তেওঁলোকে আন কোনো ধৰণৰ প্ৰমাণপত্ৰ বেলেগকৈ লাভ নকৰে ৷ এই প্ৰমাণপত্ৰৰ জৰিয়তেই ভৱিষ্যতে যিকোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব উত্তীৰ্ণসকলে ৷ উত্তীৰ্ণৰ প্ৰমাণপত্ৰখন শিক্ষাৰ্থীসকলে ডাউনলোড কৰি সংগ্ৰহ কৰি ল’ব পাৰিব ৷ অৱশ্যে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে ছেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণপত্ৰ বিচাৰিব পাৰিব ৷

আনহাতে, শিক্ষাৰ্থীৰ সুবিধাৰ বাবে ছেবাই 22 এপ্ৰিলত মুকলি কৰিব এক প’ৰ্টেল ৷ যাৰ জৰিয়তে কোনো পৰীক্ষাৰ্থীৰ নম্বৰৰ ক্ষেত্ৰত কোনো অভিযোগ থাকিলে এই প’ৰ্টেলত পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব ৷ সমান্তৰালকৈ অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যাতে এই শিক্ষাবৰ্ষটো নষ্ট নহয়, তাৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

চলিত বৰ্ষৰ মে'ত এই পৰীক্ষা অনুষ্ঠিত কৰি জুনৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ লক্ষ্য লৈছে ছেবাই ৷ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ ২৫ এপ্ৰিলৰ পৰা প’ৰ্টেল মুকলি কৰি দিয়া হ'ব ৷ এইবেলি পৰীক্ষাত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা OMR শ্বীট প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছেবাৰ বিষয়া দুগৰাকীয়ে কয় যে, OMR শ্বীট সঠিক ব্যৱহাৰ কৰা হৈছে ৷ যাৰ বাবে খুব কম সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰা হৈছে ৷

লগতে পঢ়ক: HSLCৰ ফলাফল: তৃতীয় স্থানত উজলিল বৰপেটাৰ বেদান্ত চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.