ETV Bharat / state

কাৰ্বি পাহাৰতো জাকে জাকে মানুহ আহিছে বিজেপিলৈ

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 8:01 PM IST

অৰুণোদয়-লাখপতি বাইদেউ আদি আঁচনিৰ বাবে ৰাইজে বিজেপিক ভোট দিব : তুলিৰাম ৰংহাং
অৰুণোদয়-লাখপতি বাইদেউ আদি আঁচনিৰ বাবে ৰাইজে বিজেপিক ভোট দিব : তুলিৰাম ৰংহাং

BJP Joining Program : ৰাইজে বিজেপিৰ প্ৰাৰ্থীক ভোট দিব ৷ কিয়নো বিজেপিয়ে অৰুণোদয়, লাখপতি বাইদেউ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰীক জলপানী দিছে, উন্নয়ন কৰিছে ৷ এই মন্তব্য তুলিৰাম ৰংহাঙৰ ৷

অৰুণোদয়-লাখপতি বাইদেউ আদি আঁচনিৰ বাবে ৰাইজে বিজেপিক ভোট দিব : তুলিৰাম ৰংহাং

ডিফু, ১৮ মাৰ্চ : উগ্ৰ কাৰ্বি জাতীয়তাবাদক আধাৰ ৰূপে লৈ কাৰ্বি আংলঙত ৰাজনীতি কৰা অল পাৰ্টী হিলচ্ লীডাৰ কনফাৰেন্সত এতিয়া দলত্যাগৰ ধুমুহা আহিছে ৷ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰৰ লগ এৰি জাকে জাকে দলটোৰ সমৰ্থক হৈছে বিজেপিমুখী ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিচতে ইংতি কাথাৰে নিজাকৈ দল গঠন কৰি জনজাতীয় আবেগক লৈ ৰাজনীতি আৰম্ভ কৰে যদিও দলটোৱে বৰ্তমানলৈকে নিৰ্বাচনী ৰণত সফলতা লাভ কৰা নাই ৷

অৱশ্যে বৰ্তমান দলটোৱে কেৱল জনজাতি সকলৰ বাবেই নহয় পাহাৰত বসবাস কৰা সকলো খিলঞ্জীয়া লোকৰ হৈ মাত মতা আৰম্ভ কৰিছে ৷ আজি (সোমবাৰ) কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যলয়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ’ৰ উপস্থিতিত দলটোৰ সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰে ৷ অৱশ্যে এই যোগদানত নাছিল দলটোৰ কোনো হাই প্ৰফাইল নেতা ৷

এই যোগদান কাৰ্যসূচীৰ পিচতে বিজেপি দলৰ ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনী দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমি উন্নয়নৰ বাৰ্তা লৈ ৰাইজৰ মাজলৈ গৈছো ৷ এ পি এইচ এল চিৰে নহয় আপ আৰু বিভিন্ন দলৰ প্ৰাক্তন বিধায়ক, মুখ্য কাৰ্যবাহী সদস্যকে ধৰি বহুতে দুই এদিনতে বিজেপিত যোগদান কৰিব’’ ৷

লগতে ডিফুৰ প্ৰাৰ্থীগৰাকী উত্তৰ পূৰ্বৰ ভিতৰত অধিক ভোটত জয়ী হ’ব বুলিও তেওঁ দাবী কৰে ৷ বিজেপি চৰকাৰে মহিলাসকলৰ বাবে লোৱা অৰুণোদয়, লাখপতি বাইদেউ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পঢ়িলে ছাত্ৰীক দিয়া জলপানীৰ বাবেই ৰাইজে বিজেপিৰ প্ৰাৰ্থীক ভোট দিব বুলিও তেওঁ দাবী কৰে ৷

আনহাতে, বিজেপি দলৰ ৬ নং ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিচ’ই তেওঁৰ বিপক্ষে কোনো প্ৰতিদ্বন্দ্বী নাই বুলি দাবী কৰে ৷ তিচ’য়ে কয় যে এইবাৰ ৪ লাখ ভোটৰ ব্যৱধানত তেওঁ জয়ী হ’ব ৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবেই ৰাইজে বিজেপিৰ হৈ হিয়া উজাৰি ভোট দিব বুলি তেওঁ দাবী কৰে ৷

লগতে পঢ়ক : বিজেপিয়ে ১৩টা সমষ্টিত জয়ী হ'ব: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.