ETV Bharat / state

লখিমপুৰত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 5:15 PM IST

Updated : Feb 28, 2024, 7:16 PM IST

Controversial facebook post: লেখক, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে টাই আহোম জনগোষ্ঠীৰ মৰ্যদা হানি কৰা লেখা সামাজিক মাধ্যমত বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰি বুধবাৰে লখিমপুৰত দুই সংগঠনে তেওঁৰ পুত্তলিকা দাহ কৰে । ৰাজহুৱাভাৱে কাণত ধৰি আঠুকাঢ়ি ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ।

Manoj Goswamis effigy burnt in Lakhimpur
লখিমপুৰত জ্বলিল মনোজ গোস্বামীৰ পুত্তলিকা দাহ

লখিমপুৰত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

লখিমপুৰ,২৮ ফেব্ৰুৱাৰী: লখিমপুৰত বুধবাৰে লেখক, সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰে টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে । লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে সংগঠন দুটাই মনোজ কুমাৰ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে । সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে সামজিক মাধ্যমত আহোম জনগোষ্ঠীক হেয় কৰি বিৰ্তকিত লেখা লিখাৰ অভিযোগ তুলি সংগঠন দুটাই তাৰ প্ৰতিবাদত তেওঁৰ প্ৰতিকৃতি দাহ কৰে ।

আহোমক অপমান কৰা সহ্য কৰা নহব, মনোজ কুমাৰ গোস্বামী মুৰ্দাবাদ, মনোজ কুমাৰ গোস্বামীয়ে আহোম জনগোষ্ঠীৰ ওচৰত আঠুকাঢ়ি কাণত ধৰি ক্ষমা খোজক আদি শ্ল'গান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে । প্ৰতিকৃতি দাহ কৰি সংগঠন দুটাৰ নেতৃত্বই কয় ছশ বছৰ ৰাজত্ব কৰা আহোম জনগোষ্ঠীক হেয় কৰাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে । সময়ে সময়ে বিভিন্ন মাধ্যমযোগে একাংশই এই কথা প্ৰকাশ কৰি আহিছে । শেহতীয়াকৈ মনোজ কুমাৰ গোস্বামী তাৰ উদাহৰণ । মনোজ কুমাৰ গোস্বামীৰ এই কাৰ্যক গৰিহণা দি তেওঁক ৰাজহুৱাভাৱে কাণত ধৰি আঠুকাঢ়ি ক্ষমা খুজিবলৈ দাবী জনায় । ইয়াৰ অন্যথা তেওঁক সামাজিকভাৱে অপদস্থ কৰা হ'ব বুলি সংগঠন দুটাৰ নেতৃত্বই সকীয়াই দিয়ে ।

উল্লেখ্য টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে লখিমপুৰ নগৰৰ লখিমী চাৰিআলিত দিনৰ ১১ বজাত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্রহণ কৰিছিল । এই কথাৰ উমান পাই জিলাৰ আৰক্ষী বিভাগ সতৰ্ক হৈ পৰে । চাৰিআলিটোত আৰক্ষী নিয়োগ কৰাৰ লগতে অৰ্ধসামৰিক বাহিনীকো মোতায়েন কৰা হয় । কাৰ্যসূচী ব্যৰ্থ কৰিবলৈ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ।

অগ্নিনির্বাপক বাহিনীৰ গাড়ী পৰ্যন্ত সাজু কৰি ৰখা হয় চাৰিআলিটোত । প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ এনে সমৰসজ্জা প্ৰত্যক্ষ কৰি সিদ্ধান্ত সলনি কৰে । তাৎক্ষণিকভাবে তেওঁলোকে লখিমী চাৰিআলিৰ পৰিৱৰ্তে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ সলনি কৰে । পিছে আৰক্ষীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আৰম্ভ হওতে উপস্থিত হয় যদিও তেতিয়ালৈ প্ৰতিবাদকাৰীসকলে প্ৰতিকৃতিত অগ্নি সংযোগ কৰে আৰু আৰক্ষীয়ে আহি টানি লৈ যায় ।

এই প্ৰতিবাদী কাৰ্যসূচীত তাই আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি যদুমণি বৰুৱা, কেন্দ্রীয় সমিতিৰ উপ-সভাপতি দিপুল তামুলী ফুকন, তাই আহোম মহিলা পৰিষদৰ জিলাৰ কাৰ্যকৰী সভাপতি মন্দিৰা চাংমাইসহ ভালেখিনি লোকে অংশগ্রহণ কৰে ৷

লগতে পঢ়ক: সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ জুমুঠি দাহ কৰি টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

Last Updated : Feb 28, 2024, 7:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.